RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78471381

SBI আৰু ICICI বেংকক 2016 D-SIBs হিচাপে RBIৰ চিনাক্ত

২৫ আগষ্ট, ২০১৬

SBI আৰু ICICI বেংকক 2016 D-SIBs হিচাপে RBIৰ চিনাক্ত

ভাৰতীয় ৰিজাৰ্ভ বেংকে ষ্টেট বেংক অব ইণ্ডিয়া (SBI) আৰু ICICI বেংকক 2016ত ঘৰুৱা প্ৰণালীবদ্ধভাৱে গুৰুত্বপূৰ্ণ বেংক হিচাপে চিনাক্ত কৰিছে আৰু বিগত বছৰৰ দৰেই তেওঁলোকৰ বাকেটিং গাঁথনি অপৰিৱৰ্ত্তিত ৰখা হৈছে। এই বেংটকেইটাৰ বাবে অতিৰিক্ত কমন ইকুইটী টিয়েৰ ওৱান (CET1) আৱশ্যকতাবোৰ 1 এপ্ৰিল, 2016ৰ পৰা ইতিমধ্যে পৰ্যায়ান্বিত কৰা হৈছে আৰু 1 এপ্ৰিল, 2019ৰ পৰা সম্পূৰ্ণকৈ কাৰ্যকৰী হ’ব। অতিৰিক্ত CET1 আৱশ্যকতাসমূহ মূলধন সংৰক্ষণ প্ৰশমকৰ ওপৰঞ্চি হ’ব।

2016ৰ বাবে D-SIB সমূহৰ অদ্যাৱধি তালিকা

বাকেট বেংক বিপদশংকা ভাৰপ্ৰদপ্ত সম্পদৰ (RWAS)ৰ শতাংশ হিচাপত অতিৰিক্ত কমন ইকুইটী টিয়েৰ ওৱান আৱশ্যকতা
5 - 1.0%
4 - 0.8%
3 ষ্টেট বেংক অব ইণ্ডিয়া 0.6%
2 - 0.4%
1 আই চি আই চি আই বেংক 0.2%

পৃষ্ঠভূমি

ৰিজাৰ্ভ বেংকে 22 জুলাই, 2014ত D-SIB ৰ বাবে এক মূল সংৰচনা জাৰি কৰিছিল। D-SIB সংৰচনা মতে 2015ৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰে আগষ্টত D-SIB ৰূপে মনোনীত বেংকসমূহৰ নাম ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিব লাগে। D-SIB সমূহক তেওঁলোকৰ প্ৰণালীবদ্ধ গুৰুত্বতা সাফল্যাংক (SIS)ৰ ওপৰত ভিত্তি কৰি চাৰিটা বাকেটত স্থলভুক্ত কৰাটোও সংৰচনা মতে আৱশ্যক। D-SIBত স্থানপ্ৰাপ্ত বাকেটৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত কমন ইকুইটী আৱশ্যকতাবোৰ প্ৰয়োগ কৰিব লাগে। তদুপৰি D-SIB সংৰচনাত উল্লেখিত মতে, ভাৰতত শাখা থকা বিদেশী বেংক যদি গোলকীয় প্ৰণালীবদ্ধভাৱে গুৰুত্বপ্ৰাপ্ত বেংক (G-SIB) হয়, তেন্তে সেই বেংকে ভাৰতত বিপদশংকা ভাৰপ্ৰদত্ত সম্পদ (RWA) অনুপাতত G-SIB হিচাপে প্ৰযোজ্য অতিৰিক্ত CET1 ভাৰতীয় মূলধনী অধিভাৰ অটুট ৰাখিব লাগিব।

D-SIB সংৰচনাত দিয়া ব্যৱস্থাবিধি আৰু 31 মাৰ্চ, 2015ত বেংকসমূহে সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ৰিজাৰ্ভ বেংকে 31 আগষ্ট, 2015ত ষ্টেট বেংক অব ইণ্ডিয়া আৰু আই চি আই চি আই বেংকক D-SIB হিচাপে ঘোষণা কৰিছিল। ঘৰুৱা প্ৰণালীবদ্ধভাৱে গুৰুত্বপূৰ্ণ বেংক (D-SIB) সংৰচনা আৰু 31 মাৰ্চ, 2016ত বেংককেইটাৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত, এই দুটা বেংকক পুনৰায় 2016 বৰ্ষতো D-SIB হিচাপে ঘোষণা কৰা হৈছে।

আল্পনা কিল্লাৱালা
মুখ্য উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৪৯৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?