আৰ বি আয়ে দ্য কাৰাড আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক অৰ্থদণ্ড বিহিছে
১৮ মে’,২০১৭ আৰ বি আয়ে দ্য কাৰাড আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিসমূহত প্ৰযোজ্য মতে)ৰ ধাৰা ৪৬ (৪) সহিতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ উপৱন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি দ্য কাৰাড আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বায়ে ব্যক্তিগত গৃহ নিৰ্মাণ ঋণ সীমা লংঘন আৰু প্লট/ভূমি ক্ৰয়ৰ কাৰণে ঋণৰ অপসাৰণ কৰাৰ বাবে, বেংকটোৰ ওপৰত ১৫ লাখ টকা (পোন্ধৰ লাখ টকা মাত্ৰ)ৰ অৰ্থদণ্ড আৰোপ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোক এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল, যাৰ সমিধানত এক লিখিত উত্তৰ দাখিলৰ লগতে তাৰ ওপৰত মৌখিক বক্তব্যও ৰাখিছিল। ঘটনাৰ সত্যসত্য আৰু বিষয়টো সন্দৰ্ভত বিবেচনাৰ অন্তত বেংকটোৰ উত্তৰ বিবেচনা কৰাৰ পাছত ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে উলংঘন সাব্যস্ত হৈছে আৰু দণ্ডৰ আৰোপ প্ৰমাণসাধ্য। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৩১০৬ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: