RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78509732

আৰ বি আয়ে এক্সিছ বেংক লিমিটেডক অৰ্থদণ্ড বিহিছে

৫ মাৰ্চ, ২০১৮

আৰ বি আয়ে এক্সিছ বেংক লিমিটেডক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআয়ে) ২৭ ফেব্ৰুৱাৰী,২০১৮ তাৰিখে, আয় স্বীকৃতি আৰু সম্পদ বৰ্গীকৰণ বিষয়ত আৰবিআইৰ নিৰ্দেশনাৰ অনা-অনুপালনৰ বাবে এক্সিছ বেংক লিমিটেড (বেংকটো)ৰ ওপৰত ৩০ নিযুত টকাৰ অৰ্থদণ্ড আৰোপ কৰিছে। আৰবিআয়ে জাৰি কৰা উপৰিউক্ত নিৰ্দেশনা/মাৰ্গদৰ্শন বেংকটোৱে মানি চলাত অপৰাগ হোৱা বাবে, বেংকিং নিয়ামক আইন, ১৯৪৯ৰ ধাৰা ৪৬(৪)(ঝ) সহপঠিত ধাৰা ৪৭ক(১)(গ)ৰ উপবন্ধসমূহৰ অধীনত আৰবিআইক আৰোপিত ক্ষমতাৰ প্ৰয়োগেৰে এই অৰ্থদণ্ড আৰোপ কৰা হৈছে।

নিয়ামক অনুপালনৰ বিচ্যুতিৰ ভিত্তিতহে এই কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইয়াত বেংকটোৰ দ্বাৰা ইয়াৰ গ্ৰাহকসকলৰ সৈতে সম্পাদিত কোনো লেনদেন/চুক্তিৰ বৈধতাক বিজ্ঞাপিত কৰাৰ অভিপ্ৰায় নাই।

পৃষ্ঠভূমি

৩১ মাৰ্চ, ২০১৬ত বেংকটোৰ বিত্তীয় অৱস্থাৰ প্ৰসঙ্গত চলোৱা বিধিগত পৰিদৰ্শনত অন্য কথাৰ মাজতে, অনুত্পাদনশীল সম্পদ (এনপিএ)ৰ নিৰূপণৰ সন্দৰ্ভত আৰবিআয়ে জাৰি কৰা বিভিন্ন বিনিয়মৰ উলংঘন উন্মোচিত হয়। পৰিদৰ্শন প্ৰতিবেদন আৰু অন্যান্য সংশ্লিষ্ট নথিৰ ভিত্তিত, আৰবিআইৰ দ্বাৰা জাৰি নিৰ্দেশনাবোৰৰ অনা-অনুপালনৰ বাবদ বেংকটোক কিয় অৰ্থদণ্ড বিহা নহব বুলি কাৰণ দৰ্শাবলৈ দিনাংক ১৬ নৱেম্বৰ,২০১৭ত এখন জাননী জাৰি কৰা হৈছিল। বেংকটোৱে দিয়া ইয়াৰ উত্তৰ/ব্যক্তিগত শুনানিত দিয়া সমিধানবোৰ বিবেচনাৰ অন্তত, আৰবিআই এই নিৰ্ণয়লৈ আহে যে আৰবিআই নিৰ্দেশনা/মাৰ্গদৰ্শন অনা-অনুপালনৰ ওপৰিউক্ত অভিযোগবোৰ সাব্যস্ত হৈছে আৰু অৰ্থদণ্ড আৰোপ বাঞ্ছনীয় হৈছে।

জোস জে, কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-২০১৮/২৩৫৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?