আৰ বি আইয়ে পাঁচটা কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ বেংকক অৰ্থদণ্ড বিহিছে
২১ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে পাঁচটা কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ বেংকক অৰ্থদণ্ড বিহিছে বিদেশী বিনিময় মুদ্ৰা ব্যৱস্থাপনা আইন (এফ ই এম এ) ১৯৯৯ৰ ৰিপৰ্টিং আৱশ্যকতা সম্পৰ্কীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ উলংঘনৰ বাবে নিম্নোক্ত পাঁচটা বেংকৰ ওপৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থদণ্ড আৰোপ কৰিছে। অৰ্থদণ্ড ৰাশিৰ সবিশেষ এনে ধৰণৰ-
ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে দি অহা নিৰ্দেশনা/নিৰ্দেশ/দিহা উলংঘনসমূহ বিচাৰ বিবেচনা কৰি এফ ই এম এ ১৯৯৯ৰ ধাৰা ১১(৩)ৰ আধাৰত থকা প্ৰাৱধান অনুযায়ী ৰিজাৰ্ভ বেংকত ন্যস্ত ক্ষমতা প্ৰয়োগ কৰি এই অৰ্থদণ্ড আৰোপ কৰা হৈছে। ৰিজাৰ্ভ বেংকে উক্ত বেংককেইটাক কাৰণ দৰ্শোৱাৰ জাননী দিছিল, যাৰ সমিধানত বেংককেইটাই লিখিত উত্তৰ দিছিল আৰু মৌখিক বক্তব্যও আগবঢ়াইছিল। ঘটনাকেইটাৰ সত্যাসত্য নিৰ্ণয় আৰু বিষয়টো সম্পৰ্কে বেংককেইটাৰ উত্তৰ বিবেচনা কৰি ৰিজাৰ্ভ বেংক পতিয়ন গৈছে যে উলংঘন সংঘটিত হৈছে আৰু দণ্ড আৰোপ অপৰিহাৰ্য হৈছে। (অজিত প্ৰসাদ) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৬০৪ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: