RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78512296

আৰ বি আয়ে ইণ্ডিয়ান অভাৰচীজ বেংকক অৰ্থদণ্ড বিহিছে

৫ মাৰ্চ, ২০১৮

আৰ বি আয়ে ইণ্ডিয়ান অভাৰচীজ বেংকক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআয়ে) ২৭ ফেব্ৰুৱাৰী,২০১৮ত আপোনাৰ গ্ৰাহকক জনা (কেৱাচি) আচাৰ সম্পৰ্কে আৰবিআয়ে জাৰি কৰ নিৰ্দেশনাৰ অনা-অনুপালনৰ বাবে ইণ্ডিয়ান অভাৰচীজ বেংকক (বেংকটোক) ২০ নিযুত টকাৰ অৰ্থদণ্ড আৰোপ কৰিছে। বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৪৬(৪)(ঝ) সহপঠিত ধাৰা ৪৭ক(১)(গ)ৰ উপবন্ধসমূহৰ অধীনত আৰবিআইক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, আৰবিআইৰ দ্বাৰা জাৰি কৰা উপৰিউক্ত নিৰ্দেশনা/মাৰ্গদৰ্শনৰ অনুপালনত বেংকটোৰ অপৰাগতাৰ কথা বিবেচনা কৰ এই অৰ্থদণ্ড আৰোপ কৰা হৈছে।

এই কাৰ্যব্যৱস্থা নিয়ামক অনুপালনৰ বিচ্যুতিৰ ভিত্তিতহে গ্ৰহণ কৰা হৈছে আৰু বেংকটোৰ দ্বাৰা ইয়াৰ গ্ৰাহকসকলৰ সৈতে সম্পাদিত কোনো লেনদেন/চুক্তিৰ বৈধতাক ইয়াৰ দ্বাৰা বিজ্ঞাপিত কৰাৰ অভিপ্ৰায় নাই।

পৃষ্ঠভূমি

ইণ্ডিয়ান অভাৰচীজ বেংকৰ এটা শাখাত প্ৰৱঞ্চনা ধৰা পৰিছিল। বেংকটোৰ আভ্যন্তৰীণ পৰিদৰ্শন প্ৰতিবেদনকে ধৰি নথিবোৰৰ পৰীক্ষণত অন্য কথাৰ লগতে, আপোনাৰ গ্ৰাহকক জনা (কেৱাইচি) আচাৰ সম্পৰ্কে আৰবিআয়ে জাৰি কৰা নিৰ্দেশনা অনা-অনুপালন ধৰা পৰিছিল। নথিবোৰৰ ভিত্তিত, আৰবিআইৰ দ্বাৰা জাৰি নিৰ্দেশনাবোৰৰ অনা-অনুপালনৰ বাবদ বেংকটোক কিয় অৰ্থদণ্ড বিহা নহব বুলি কাৰণ দৰ্শাবলৈ এখন নটিচ দিয়া হৈছিল। বেংকটোৱে দিয়া ইয়াৰ উত্তৰ আৰু ব্যক্তিগত শুনানিত দাখিল কৰা মৌখিক আৰু লিখিত বক্তব্যৰ লগতে দাখিল কৰা অতিৰিক্ত তথ্য আৰু নথিবোৰ বিবেচনা কৰি চোৱাৰ অন্তত, আৰবিআই এই নিৰ্ণয়লৈ আহে যে আৰবিআয়ে জাৰি কৰা নিৰ্দেশনা/মাৰ্গদৰ্শন অনা-অনুপালনৰ অভিযোগ সাব্যস্ত হৈছে আৰু অৰ্থদণ্ড আৰোপ কৰাটো অপৰিহৰ্য হৈ পৰিছে।

জোস জে, কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-২০১৮/২৩৫৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?