RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492281

আৰ বি আয়ে লক্ষ্মী বিলাস বেংকক অৰ্থদণ্ড বিহিছে

৬ জানুৱাৰী, ২০১৭

আৰ বি আয়ে লক্ষ্মী বিলাস বেংকক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, লক্ষ্মী বিলাস বেংক লিমিটেড (এল ভি বি)য়ে কাৰেণ্ট একাউণ্ট খোলা আৰু ইয়াৰ পৰিচালনা সম্পৰ্কীয় নিৰ্দেশনাৱলী উলংঘন কৰা, নিয়োজক আৰু আকস্মিক গ্ৰাহকলৈ বিল ডিস্কাউণ্টিং সুবিধা আগবঢ়োৱা আৰু কে ৱাই চি আচাৰ মানি নচলাৰ বাবে এল ভি বিক ৩০ নিযুত টকাৰ অৰ্থদণ্ড বিহিছে। ৰিজাৰ্ভ বেংকে সময়ে সময়ে জাৰি কৰি অহা নিৰ্দেশনা/নিৰ্দেশনামা/মাৰ্গদৰ্শন উলংঘনৰ বিষয়টো বিবেচনা কৰি বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৭(ক)(১)(গ) সমন্বিতে ধাৰা ৪৬(৪)(i)ৰ বিধিব্যৱস্থাৰ অধীনত ৰিজাৰ্ভ বেংকত আৰোপিত ক্ষমতা প্ৰয়োগ কৰি এই অৰ্থদণ্ড আৰোপ কৰা হৈছে।

বিনিয়ামক বাধ্যতাত ত্ৰুটিৰ ওপৰত ভিত্তি কৰি এই কাৰ্য ব্যৱস্থা লোৱা হৈছে আৰু বেংকটো আৰু গ্ৰাহকসকলৰ কোনো লেন-দেনৰ বা চুক্তিৰ বৈধতাত হস্তক্ষেপৰ অভিপ্ৰায়েৰে কৰা নাই।

পৃষ্ঠভূমি

বেংকটোৰ এটা শাখাত বিল ডিস্কাউণ্টিং/ক্ৰয় সম্পৰ্কীয় এটা অভিযোগ ৰিজাৰ্ভ বেংকে পাইছিল। আৰ বি আয়ে অনিয়মবোৰ পৰীক্ষা কৰি চায়। বেংকটোৰ অভিযোগটো আৰ বি আইয়ে লৈছে। আৰ বি আইৰ পৰীক্ষণ আৰু বেংকটোৰ অভিযোগৰ ভিত্তিত ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা নিৰ্দেশনা আৰু বিনিয়ম উলংঘনৰ বাবে বেংকটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয়।

বেংকটোৰ সমিধান আৰু লগতে ব্যক্তিগত উপস্থাপন, দাখিল কৰা তথ্য আৰু নথিসমূহ চালি-জাৰি চাই ভাৰতীয় ৰিজাৰ্ভ বেংক এই সিদ্ধান্তলৈ আহে যে এই উলংঘনসমূহ প্ৰতীয়মান হৈছে আৰু অৰ্থদণ্ড বিহাটো অপৰিহাৰ্য হৈ পৰিছে।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৮১১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?