RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78477500

আৰ বি আয়ে মেচাৰ্ছ হিন্দুজা লীলেণ্ড ফাইনেন্স লিমিটেডক অৰ্থদণ্ড বিহিছে

১১ এপ্ৰিল, ২০১৭

আৰ বি আয়ে মেচাৰ্ছ হিন্দুজা লীলেণ্ড ফাইনেন্স লিমিটেডক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে, মেচাৰ্ছ হিন্দুজা লীলেণ্ড ফাইনেন্স লিমিটেড (কোম্পানীটোক) সময়ে সময়ে জাৰি কৰা নিৰ্দেশ/আদেশবোৰ উলংঘনৰ বাবে আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৫৮খৰ উপধাৰা ৫(ক-ক)ৰ সৈতে পঠিত ধাৰা ৫৮ ছ(১)(খ)ৰ অধীনত, ৫ লাখ টকাৰ অৰ্থদণ্ড আৰোপ কৰিছে।

পৃষ্ঠভূমি

৩০ ডিচেম্বৰ,২০১৫ আৰু ১৪ জানুৱাৰী,২০১৬ৰ মাজত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আইন,১৯৩৪ৰ (আৰ বি আই আইন,১৯৩৪)ৰ ধাৰা ৪৫ঢ-ৰ অন্তৰ্গত ৩১ মাৰ্চ,২০১৫ পৰ্যন্ত কোম্পানীটোৰ খাটা আৰু হিচাপৰ এক পৰিদৰ্শন কৰা হয়। এইটো লক্ষ্য কৰা হৈছে যে সুদৰ ভৰনী আৰু ঋণীক ইয়াৰ জ্ঞাপন অস্বচ্ছ ধৰণে কৰা হৈছিল যিটো, আৰ বি আই আইন,১৯৩৪ৰ ধাৰা ৪৫ঠ-ৰ অধীনত বেংকে জাৰি কৰা সুসংগত প্ৰথা বিধি নিৰ্দেশনামাৰ উলংঘনেৰে হৈছে। তদনুযায়ী, কোম্পানীটোক দণ্ড আৰোপৰ বাবে ২৯ জুলাই,২০১৭ত এখন কাৰণ দৰ্শোৱাৰ জাননী (এছ চি এন) জাৰি কৰা হৈছিল। এছ চি এনখনৰ সন্দৰ্ভত কোম্পানীটোৰ সমিধান সন্তোষজনক পোৱা নহ’ল। আৰ বি আই আইন,১৯৩৪ৰ ধাৰা ৫৮ছ(২)ৰ অন্তৰ্গত কোম্পানীটোক ব্যক্তিগত শুনানি প্ৰদানৰো সুযোগ দিয়া হয়। ঘটনাটোৰ প্ৰকৃত সত্য আৰু কোম্পানীটোৰ উত্তৰ বিবেচনাৰ অন্তত আৰু লগতে শুনানীত দাখিল কৰা ব্যক্তিগত বক্তব্য বিবেচনা কৰি আৰ বি আই এই সিদ্ধান্তলৈ আহে যে পৰীক্ষণৰ সময়ত ধৰা পৰা মতে উলংঘনবোৰ সাব্যস্ত হৈছে আৰু কোম্পানীটোৰ ওপৰত অৰ্থদণ্ড আৰোপ অৱধাৰিত হৈছে। তদনুযায়ী, কোম্পানীটোৰ ওপৰত ৫ লাখ টকাৰ দণ্ড আৰোপ কৰা হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৭৪১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?