RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490499

আৰ বি আয়ে মেচাৰ্ছ শ্ৰীৰাম চিটি ইউনিয়ন ফাইনেন্স লিমিটেডক অৰ্থদণ্ড বিহিছে

১১ এপ্ৰিল, ২০১৭

আৰ বি আয়ে মেচাৰ্ছ শ্ৰীৰাম চিটি ইউনিয়ন ফাইনেন্স লিমিটেডক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে, মেচাৰ্ছ শ্ৰীৰাম চিটি ইউনিয়ন ফাইনেন্স লিমিটেড (কোম্পানীটোক) সময়ে সময়ে জাৰি কৰা নিৰ্দেশ/আদেশবোৰ উলংঘনৰ বাবে আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৫৮খৰ উপধাৰা ৫(ক-ক)ৰ সৈতে পঠিত ধাৰা ৫৮ জী (১)(খ)ৰ অধীনত, ২০ লাখ টকাৰ অৰ্থদণ্ড আৰোপ কৰিছে।

পৃষ্ঠভূমি

নৱেম্বৰ,২০১৫ সময়ছোৱাত ভাৰতীয় ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আইন,১৯৩৪ৰ (আৰ বি আই আইন,১৯৩৪)ৰ ধাৰা ৪৫ঢ-ৰ অন্তৰ্গত কোম্পানীটোৰ নমুনা ঋণ একাউণ্টবোৰ পৰীক্ষণ কৰা হয়। লক্ষ্য কৰা হৈছে যে আৰ বি আই আইন,১৯৩৪ৰ ধাৰা ৪৫ঠ-ৰ অধীনত বেংকে জাৰি কৰা সুসংগত প্ৰথা বিধি নিৰ্দেশনামাৰ বিভিন্ন উপবন্ধ কোম্পানীটোৱে উলংঘন কৰিছে। পৰীক্ষণৰ সময়ত ধৰা পৰা মতে আৰ বি আইৰ নিৰ্দেশনাবোৰৰ বিভিন্ন উলংঘন হেতুকে, কোম্পানীটোক দণ্ড আৰোপৰ বাবে ১ আগষ্ট,২০১৬ত এখন কাৰণ দৰ্শোৱাৰ জাননী (এছ চি এন) জাৰি কৰা হয়। এছ চি এনখনৰ সমিধানত কোম্পানীটোৱে দাখিল কৰা উত্তৰ সন্তোষজনক পোৱা নহ’ল। আৰ বি আই আইন,১৯৩৪ৰ ধাৰা ৫৮ছ-ৰ অন্তৰ্গত ১৪ ফেব্ৰুৱাৰী,২০১৭ত কোম্পানীটোক এক ব্যক্তিগত শুনানিৰ সুবিধাও প্ৰদান কৰে। ঘটনাটোৰ প্ৰকৃত সত্য আৰু কোম্পানীটোৰ উত্তৰ বিবেচনাৰ অন্তত আৰু লগতে শুনানীত দাখিল কৰা ব্যক্তিগত বক্তব্য বিবেচনাৰ অন্তত আৰ বি আই এই সিদ্ধান্তলৈ আহে যে পৰীক্ষণৰ সময়ত ধৰা পৰা মতে উলংঘনবোৰ সাব্যস্ত হৈছে আৰু কোম্পানীটোৰ ওপৰত অৰ্থদণ্ড আৰোপ অৱধাৰিত হৈছে। তদনুযায়ী, কোম্পানীটোৰ ওপৰত ২০ লাখ টকাৰ অৰ্থদণ্ড বিহা হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৭৪২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?