RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136778853

আৰ বি আইয়ে গুৱাহাটীৰ দ্য আছাম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডক আৰ্থিক জৰিমনা বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) ২০২৫ চনৰ ১ ডিচেম্বৰ তাৰিখৰ আদেশৰ জৰিয়তে ‘আপোনাৰ গ্ৰাহকক চিনি লওক (কে ৱাই চি)’ সম্পৰ্কে জাৰি কৰা কিছুমান নিৰ্দেশনা মানি নচলাৰ বাবে দ্য আছাম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেড, গুৱাহাটী (বেংক)ক ৫০,০০০ টকা (কেৱল পঞ্চাশ হাজাৰ টকা) আৰ্থিক জৰিমনা বিহিছে । এই জৰিমনা বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ধাৰা ৪৬(৪)(i) আৰু ৫৬ৰ সৈতে পঢ়া ধাৰা ৪৭এ(১)(গ)ৰ বিধানৰ অধীনত আৰ বি আইক প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি আৰোপ কৰা হৈছে।

২০২৫ চনৰ ৩১ মাৰ্চৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকে (NABARD) বেংকটোৰ বিধিগত পৰিদৰ্শন কৰে। আৰ বি আইৰ নিৰ্দেশনা অমান্য কৰাৰ তত্বাৱধায়কৰ তথ্য আৰু সেই সন্দৰ্ভত আনুষংগিক চিঠিপত্ৰৰ ভিত্তিত, উক্ত নিৰ্দেশনা মানি নচলাৰ বাবে কিয় শাস্তি প্ৰদান কৰিব নালাগে তাৰ কাৰণ দেখুৱাবলৈ এই বেংকক পৰামৰ্শ দি জাননী জাৰি কৰা হয়। ব্যক্তিগত শুনানিৰ সময়ত কৰা জাননী আৰু মৌখিক দাখিলৰ প্ৰতি বেংকে দিয়া উত্তৰ বিবেচনা কৰাৰ পিছত আৰ বি আইয়ে অন্যান্য বিষয়ৰ লগতে বেংকৰ বিৰুদ্ধে তলত দিয়া অভিযোগটো স্থায়ী হোৱা বুলি বিবেচনা কৰে, যাৰ বাবে আৰ্থিক জৰিমনা বিহাৰ প্ৰয়োজনীয়তা আছে:

বেংকটোৱে একাউণ্টৰ ৰিস্ক শ্ৰেণীবিভাজন সময়ে সময়ে, ছমাহত কমেও এবাৰ, পৰ্যালোচনা কৰাত ব্যৰ্থ হৈছিল।

এই কাৰ্য্য নিয়ন্ত্ৰণ অনুসৰণৰ অভাৱৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু বেংকে গ্ৰাহকৰ সৈতে কৰা কোনো লেনদেন বা চুক্তিৰ বৈধতাৰ ওপৰত ঘোষণা কৰাৰ উদ্দেশ্য নহয়। তদুপৰি এই আৰ্থিক জৰিমনা আৰোপ কৰিলে বেংকৰ বিৰুদ্ধে আৰ বি আইয়ে আৰম্ভ কৰিব পৰা আন কোনো ব্যৱস্থাত কোনো প্ৰভাৱ নপৰে।

 

(ব্রিজ ৰাজ)   
মুখ্য মহাপ্ৰবন্ধক

প্ৰেছ বিজ্ঞপ্তি: 2025-2026/1659

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?