আৰ বি আয়ে দুটা কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ বেংকক অৰ্থদণ্ড বিহিছে
২৬ এপ্ৰিল,২০১৭ আৰ বি আয়ে দুটা কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ বেংকক অৰ্থদণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, নিম্নোল্লেখিত দুটা বেংকক এফ ই এম এ ১৯৯৯ৰ ৰিপ’ৰ্টিং আৱশ্যিকতা সম্পৰ্কীয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা উলংঘন কৰা বাবে বেংক দুটাক অৰ্থদণ্ড বিহিছে। দণ্ডৰ সবিশেষ হ’ল-
ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা/নিৰ্দেশ/নিৰ্দেশিকাৰ উলংঘনবোৰ বিবেচনা কৰি, এফ ই এম এৰ ধাৰা ১১(৩)ৰ উপবন্ধবোৰৰ অন্তৰ্গত ৰিজাৰ্ভ বেংকক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই দণ্ড আৰোপ কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংক দুটাক কাৰণ দৰ্শোৱাৰ জাননী দিছিল যাৰ সমিধানত বেংক দুটাই লিখিত উত্তৰ দিছিল আৰু তাৰ ওপৰত মৌখিক বক্তব্যও দিছিল। ঘটনাৰ সত্যাসত্য আৰু তাৰ ওপৰত বেংকৰ উত্তৰখিনি বিবেচনাৰ অন্তত ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে উলংঘনবোৰ সাব্যস্ত হৈছে আৰু দণ্ড আৰোপ প্ৰমাণসাধ্য। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮৯৬ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: