আৰ বি আয়ে য়েশ্বান্ত নাগৰী সহকাৰী বেংক লিমিটেড, লাটুৰ (মহাৰাষ্ট্ৰ)ক অৰ্থদণ্ড বিহিছে
১৬ মে’,২০১৭ আৰ বি আয়ে য়েশ্বান্ত নাগৰী সহকাৰী বেংক লিমিটেড, ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিসমূহত প্ৰযোজ্য মতে)ৰ ধাৰা ৪৬ (৪) সহিতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ উপৱন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি য়েশ্বান্ত নাগৰী সহকাৰী বেংক লিমিটেড, লাটুৰে আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) আচাৰ আৰু আৰ বি আই নিৰ্দেশনা উলংঘনৰ বাবে, বেংকটোৰ ওপৰত ১.০০ লাখ টকা (এক লাখ টকা মাত্ৰ)ৰ অৰ্থদণ্ড আৰোপ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোলৈ এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল, যাৰ সমিধানত এক লিখিত উত্তৰ দাখিল কৰিছিল। ঘটনাৰ সত্যসত্যৰ বিবেচনা আৰু বিষয়টো সন্দৰ্ভত বেংকটোৰ উত্তৰ বিবেচনা কৰাৰ পাছত ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে উলংঘন সাব্যস্ত হৈছে আৰু দণ্ডৰ আৰোপ প্ৰমাণসাধ্য। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৩০৮২ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: