আৰ বি আইয়ে বম্বে মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেড মুম্বাইক দণ্ড আৰোপ কৰিছে
১৯ জানুৱাৰী, ২০১৭ আৰ বি আইয়ে বম্বে মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেড মুম্বাইক দণ্ড আৰোপ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং বিনিয়ম আইন, ১৯৪৯ (এএচিএছ)ৰ ধাৰা ৪৬(৪) সমন্বিতে ধাৰা ৪৭ক(১)ৰ (সমবায় সমিতি প্ৰযোজ্য) উপবন্ধসমূহৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰিকৃত আপোনাৰ গ্ৰাহকক জনা/কলংকিত টকা প্ৰক্ষালন প্ৰতিৰোধক (কেৱাইচি)/এএমএল) নিৰ্দেশসমূহ উলংঘনৰ বাবে বম্বে মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটে, মুম্বাইৰ ওপৰত ৭৫.০০ লাখ টকাৰ (পয়সত্তৰ লাখ টকা) দণ্ড আৰোপ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল যাৰ সমিধানত বেংকটোৱে লিখিত উত্তৰ দিয়াৰ উপৰিও মৌখিক জবাব দিছিল। বিষয়টোৰ প্ৰকৃত সত্যৰ বিচাৰ আৰু বেংকটোৰ জবাব বিবেচনাৰ অন্তত, ৰিজাৰ্ভ বেংক এই সিদ্ধান্তলৈ আহে যে উলংঘনবোৰ সাব্যস্ত হৈছে আৰু দণ্ড আৰোপ অৱধাৰিত হৈছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৯৪০ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: