আৰ বি আয়ে হৰিহৰেশ্বৰ সহকাৰী বেংক লিমিটেড,
ৱাই, জিলা চাটাৰাক দণ্ড বিহিছে
২১ মাৰ্চ, ২০১৭ আৰ বি আয়ে হৰিহৰেশ্বৰ সহকাৰী বেংক লিমিটেড, ভাৰতীয় ৰিজাৰ্ভ বেংকে, সঞ্চালকসকলৰ মালিকীস্বত্বৰ সম্পত্তিৰ বিপৰীতে ঋণ মঞ্জুৰ সম্পৰ্কীয় বি আৰ আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ২০ত সন্নিৱিষ্ট উপৱন্ধসমূহ উলংঘনৰ বাবে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিসমূহত প্ৰযোজ্য মতে) ধাৰা ৪৭ক(১)(খ) সহিতে পঠিত ধাৰা ৪৬(৪)ৰ উপৱন্ধসমূহৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি হৰিহৰেশ্বৰ সহকাৰী বেংক লিমিটেড, ৱাই, জিলা চাটাৰাৰ ওপৰত ২ লাখ টকা (দুই লাখ টকা মাত্ৰ)ৰ অৰ্থদণ্ড বিহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকটোক এক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল যাৰ সমিধানত বেংকটোৱে লিখিত উত্তৰ দাখিল কৰাৰ লগতে মৌখিক কৈফিয়তো দাখিল কৰিছিল। ঘটনাটোৰ সত্যাসত্য আৰু বেংকটোৰ কৈফিয়ত্ বিবেচনাৰ অন্তত ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে উলংঘনসমূহ সাব্যস্ত হৈছে আৰু দণ্ডাৰোপযোগ্য হৈছে। অনিৰুদ্ধ ডি. যাধৱ প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫১৫ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: