RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492478

আৰ বি আয়ে কৌজালগি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, কৌজালগি, কৰ্ণাটকক দণ্ড বিহিছে

২৭ ফেব্ৰুৱাৰী, ২০১৭

আৰ বি আয়ে কৌজালগি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, কৌজালগি, কৰ্ণাটকক দণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, কৌজালগি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, কৌজালগি, কৰ্ণাটকৰ ওপৰত, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) উপবন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ১.০০ লাখ টকা (এক লাখ টকা মাত্ৰ) অৰ্থদণ্ড বিহিছে। দ্য ডিপজিটৰ এডুকেশ্যন এণ্ড এৱেৰনেছ ফাণ্ড স্কীম, ২০১৪ সম্পৰ্কে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ/নিৰ্দেশনামা উলংঘন আৰু আৰ বি আয়ে জাৰি কৰা আপোনাৰ গ্ৰাহকক জনা/কংলকিত টকা প্ৰক্ষালন প্ৰতিৰোধক (KYC-AML)ৰ নিৰ্দেশবোৰ উলংঘনৰ বাবে বেংকটোক দণ্ড বিহা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল, যাৰ সমিধানত বেংকটোৱে সেইবোৰৰ পৰিপূৰণৰ বাবে সময় বিচাৰিছিল। সময়ৰ সম্প্ৰসাৰণ দুবাৰকৈ মঞ্জুৰ কৰা হৈছিল যদিও বেংকটোৱে নিৰ্দেশ/নিৰ্দেশনামা পৰিপালন দাখিল নকৰিলে আৰু মৌখিক শুনানিও নিবিচাৰিলে। ঘটনাটোৰ যথাৰ্থতা বিবেচনা কৰাৰ আৰু বিষয়টোৰ ক্ষেত্ৰত উত্তৰ দিয়াত বেংকটোৰ ব্যৰ্থতাৰ পাছত, ৰিজাৰ্ভ বেংক এই সিদ্ধান্তলৈ আহে যে উলংঘনবোৰ প্ৰমাণ সাব্যস্ত হৈছে আৰু দণ্ড আৰোপযোগ্য হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২২৯৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?