RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78484153

মুম্বাই ডিষ্ট্ৰিক্ট চেন্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক আৰ বি আইৰ অৰ্থদণ্ড আৰোপ

৩ জানুৱাৰী, ২০১৭

মুম্বাই ডিষ্ট্ৰিক্ট চেন্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক আৰ বি আইৰ
অৰ্থদণ্ড আৰোপ

ভাৰতীয় ৰিজাৰ্ভ বেংকে, মুম্বাই ডিষ্ট্ৰীক্ট চেণ্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰই আপোনাৰ গ্ৰাহকক জানক (কে ৱাই চি) আৱশ্যকতা/অবৈধ টকা বৈধৌতকৰণ প্ৰতিৰোধক (এ এম এল) ব্যৱস্থাৱলী সম্পৰ্কীয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ/মাৰ্গদৰ্শন/নিৰ্দেশনাৱলী লংঘনৰ কাৰণে বেংকিং বিনিয়ম আইন, ১৯৪৯ আইনৰ ধাৰা ৪৮(ক)(১)(খ) সমন্বিতে ধাৰা ৪৬(৪)ৰ বিধিব্যৱস্থা অনুযায়ী সমবায় সমিতিত প্ৰযোজ্য প্ৰাপ্তক্ষমতা প্ৰয়োগ কৰি মুম্বাই ডিষ্ট্ৰীক্ট চেণ্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক ১.০০ লাখ (এক লাখ) টকা অৰ্থদণ্ড বিহিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল, যাৰ সমিধানত বেংকটোৱে লিখিত উত্তৰ দাখিল কৰিছিল আৰু তাৰ ওপৰত মৌখিক বক্তব্যও আগবঢ়াইছিল। বিষয়টোৰ সত্যাসত্য নিৰূপণ আৰু বিষয়টো সম্বন্ধীয় বেংকটোৰ সমিধানৰ সকলো দিশ বিবেচনা কৰি ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে উলংঘনসমূহ প্ৰতিপন্ন হৈছে আৰু অৰ্থদণ্ড বিহাটো অপৰিহাৰ্য হৈ পৰিছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৭৪৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?