আৰ বি আয়ে প্ৰগ্ৰেছিভ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক দণ্ড বিহিছে
২৩ ফেব্ৰুৱাৰী,২০১৭ আৰ বি আয়ে প্ৰগ্ৰেছিভ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক দণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) উপবন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি প্ৰগ্ৰেছিভ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক, নামমাত্ৰ সদস্যক ঋণদান, এটা এন বি এফ চিক বিত্ত যোগান আৰু কেৱাইচি আচাৰ সম্পৰ্কীয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি নিৰ্দেশ/নিৰ্দেশনামা উলংঘনৰ বাবে ৪.০০ লাখ (চাৰি লাখ টকা)ৰ অৰ্থ দণ্ড আৰোপ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল, যাৰ সমিধানত বেংকটোৱে লিখিত উত্তৰ আৰু মৌখিক কৈফিয়ত্ দাখিল কৰিছিল। এই সংক্ৰান্তত যথাৰ্থতা আৰু বিষয়টোৰ ওপৰত বেংকটোৰ উত্তৰ বিবেচনাৰ অন্তত, ৰিজাৰ্ভ বেংক এই সিদ্ধান্তলৈ আহে যে উলংঘন প্ৰমাণিত হৈছে আৰু দণ্ড আৰোপ অপৰিহাৰ্য হৈছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২২৭৬ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: