RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78498055

দেৱী গায়ত্ৰী কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, টেলেংগানাৰ ওপৰত আৰ বি আইয়ে দণ্ড আৰোপ কৰিছে

২৮ অক্টোবৰ, ২০১৬

দেৱী গায়ত্ৰী কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, টেলেংগানাৰ ওপৰত
আৰ বি আইয়ে দণ্ড আৰোপ কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, দেৱী গায়ত্ৰী কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, টেলেংগানাক, বেংকটোৰ সঞ্চালক আৰু তেওঁলোকৰ আত্মীয়ক আৰবিআইৰ নিৰ্দেশ আৰু নিৰ্দেশনামা উলংঘা কৰি ঋণ আৰু অগ্ৰিম ধন দিয়াৰ অপৰাধত, বেংকিং বিনিয়ম আইন,১৯৪৯ (সমবায় সমিতিৰ ক্ষেত্ৰতো প্ৰযোজ্য)ৰ ধাৰা ৪৬(৪) সমন্বিতে ধাৰা ৪৭ক(১)(খ) মতে প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি দেৱী গায়্তী কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, টেলেংগানাক ১ লাখ (এক লাখ) টকা অৰ্থদণ্ড বিহিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে উক্ত বেংকটোক কাৰণ দৰ্শোৱাৰ জাননী দিছিল আৰু বেংকটোৱে তাৰ লিখিত উত্তৰ দিছিল। সেই লিখিত উত্তৰ আৰু ঘটনাটোৰ সকলো দিশ চালি-জাৰি চাই ৰিজাৰ্ভ বেংক এই সিদ্ধান্তলৈ আহে যে উলংঘন প্ৰমাণিত হৈছে আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণযোগ্য হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১০৬২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?