RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78497660

দ্য টুমকুৰ বীৰাশৈৱা কো-অপাৰেটিভ বেংক লিমিটেড টুমকুৰ, কৰ্ণাটকৰ ওপৰত আৰ বি আইয়ে দণ্ড বিহিছে

১৯ অক্টোবৰ, ২০১৬

দ্য টুমকুৰ বীৰাশৈৱা কো-অপাৰেটিভ বেংক লিমিটেড টুমকুৰ, কৰ্ণাটকৰ ওপৰত আৰ বি আইয়ে দণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৪৬(৪) সমন্বিতে ধাৰা ৪৭ ক(১)(খ)ৰ (সমবায় সমিতিত প্ৰযোজ্য অনুসাৰে) অধীনত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি টুমকুৰ বীৰাশৈৱা সমবায় বেংক লিমিটেড, টুমকুৰ, কৰ্ণাটকৰ ওপৰত ১০ লাখ টকাৰ আৰ্থিক জৰিমনা বিহিছে। আৰ বি আইৰ ১১ এপ্ৰিল,২০০৫ৰ চাৰ্কুলাৰত, আগৰ বছৰটোৰ লাভৰ ১ শতাংশৰ অধিক দান দিয়াটো বন্ধ কৰা আৰু কেৱাইচি/এএমএল সম্পৰ্কীয় মাষ্টাৰ চাৰ্কুলাৰৰ উপ-দফা (৪)(ঘ), ৩.২.২.১(খ) আৰু ব্যক্তিবিশেষৰ বাদে গ্ৰাহকৰ একাউণ্ট খোলোতে লবলগীয়া ব্যৱস্থাৰ নিৰ্দেশ/নিৰ্দেশনা উলংঘা কৰাৰ বাবে এই অৰ্থদণ্ড বিহা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকটোক কাৰণ দৰ্শোৱাৰ জাননী দিছিল যাৰ সমিধানত বেংকটোৱে লিখিত উত্তৰ দিছিল। গোচৰটোৰ প্ৰকৃত তথ্যপাতি আৰু বেংকটোৰ লিখিত উত্তৰ বিবেচনা কৰাৰ পাছত ৰিজাৰ্ভ বেংকে এই সিদ্ধান্তলৈ আহে যে উলংঘন সংঘটিত হৈছে আৰু প্ৰমাণিত হৈছে আৰু শাস্তিমূলক দণ্ড প্ৰযোজ্য যোগ্য হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/৯৭১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?