আৰ বি আই এ ট্ৰেন্সপৰ্ট আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ইন্দোৰক জৰিমনা বিহিছে
১৬ মাৰ্চ, ২০১৭ আৰ বি আই এ ট্ৰেন্সপৰ্ট আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ইন্দোৰক জৰিমনা বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, ট্ৰেন্সপ’ৰ্ট আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ইন্দোৰৰ ওপৰত, ঋণ অনাবৃত্ত আচাৰ, কে ৱাই চি আচাৰ আৰু আৰ বি আইৰ পৰিদৰ্শন প্ৰতিবেদনৰ কাৰ্য্যপালন বিষয়ক নিৰ্দেশ/নিৰ্দেশনামা উলংঘনৰ বাবে, বেংকিং ৰেগুলেশ্ব্ন এক্ট, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) উপবন্ধসমূহৰ অন্তৰ্গত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ৫.০০ লাখ টকা (পাঁচ লাখ টকা)ৰ জৰিমনা বিহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোক এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল, যাৰ প্ৰত্যুতৰত বেংকটোৱে এটা লিখিত উত্তৰ দাখিল কৰিছিল। ঘটনাটোৰ সত্যাসত্য আৰু বেংকটোয়ে দিয়া উত্তৰ বিবেচনা কৰাৰ অন্তত, ৰিজাৰ্ভ বেংক এই সিদ্ধান্তলৈ আহে যে উলংঘনবোৰ সাব্যস্ত হৈছে আৰু জৰিমনা বিহাৰ বাবে যোগ্য হৈছে। অনিৰুদ্ধ ডি. যাধৱ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪৭৩ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: