বৰ্তমানৰ ৫০০ টকীয়া আৰু ২০০০ টকীয়া বেংকনোটৰ ব - আৰবিআই - Reserve Bank of India
বৰ্তমানৰ ৫০০ টকীয়া আৰু ২০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ
আৰবিআই/২০১৬-১৭/১১৫ ৯ নৱেম্বৰ, ২০১৬ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক মহাশয়/মহাশয়া বৰ্তমানৰ ৫০০ টকীয়া আৰু ২০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ চাৰ্কুলাৰ ডিচিএম (পিএলই)নং ১২৪১/১০.২৭.০০/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰ,২০১৬ উনুকিয়াই লওক। এটিএমবোৰে ৫০০ টকীয়া আৰু ১০০০ টকীয়া নিৰ্দিষ্ট মুদ্ৰাবোৰৰ বিতৰণ বন্ধ কৰা আৰু ৰাজহুৱা লেনদেনৰ বাবে পুনৰ খোলাৰ লগে লগে এটিএমবোৰে যাতে কেৱল ১০০ টকীয়া আৰু ৫০ টকয়া বেংকনোটহে বিতৰণ কৰে নিশ্চিত কৰিবৰ কাৰণে নিম্নোক্ত কাৰ্যব্যৱস্থা লব লাগিব- ১. ১১ নৱেম্বৰ,২০১৬ৰ পৰা এটিএমবোৰ পুনৰ মুকলি এটিএমবোৰত নিৰ্দিষ্ট মুদ্ৰাৰ বেংকনোট বিতৰণ কাৰ্য নিষ্ক্ৰীয় কৰাৰ বাবে আৱশ্যকীয় ছুইচ পৰ্যায়ৰ সালসলনি (আৱশ্যক মতে নিজৰ আউটচৰ্ছ পৰিচালিত ছাৰ্ভিচ প্ৰভাইডাৰক জড়িত কৰি) কৰা আৰু এটিএমত সুমুৱাই ৰখা বৰ্তমানৰ নিৰ্দিষ্ট বেংকনোটবোৰ উলিয়াই অনাৰ বাবে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিব। ২. ১০০টকীয়া আৰু ৫০ টকীয়া বেংকনোট বিতৰণ কৰিব পৰাকৈ এটিএমৰ ৰিকেলিব্ৰেচন বেংকবোৰে নিশ্চিত কৰিব যে (আৱশ্যক হলে তেওঁলোকৰ আউটচৰ্ছ পৰিচালিত ছাৰ্ভিচ প্ৰভাইদাৰক জড়িত কৰি) যাতে- ক. ১০০ টকা মুদ্ৰাবৰ্গৰ বেংক নোট ইতিমধ্যে বিতৰণ কৰিব পৰাকৈ প্ৰতিটো এটিএমৰ কমেও এটা কেছেট কনফিগাৰ কৰা হয়। খ. এটিএম উপযোগী নোটবোৰ (নতুন যেন আৰু বা পুনৰ আৱৰ্তন সাধ্য হয়) আৱশ্যকীয় এজেন্সিবোৰক যোগান ধৰা হয়। গ. সম্ভৱপৰ হলে, অনা-এছবিএন বেংকনোট বিতৰণ কৰিব পৰাকৈ এটিএমবোৰত অতিৰিক্ত কেছেট কনফিগাৰ কৰাব। ৩. প্ৰতি কাৰ্ডত প্ৰতি দিনে উলিয়াব পৰা ২০০০ টকাৰ সীমা বেংকবোৰে (ইছ্যুৱিং বেংক) তেওঁলোকৰ কাৰ্ড ব্যৱস্থাপনা প্ৰণালী/কৰ বেংকিং প্ৰণালীত সালসলনি কৰাই লব এইখিনি নিশ্চিত কৰিবৰ কাৰণে- (ক) এটিএমত উইদ্ৰৰ বাবে তেওঁলোকৰ সকলো গ্ৰাহকৰ ক্ষেত্ৰত প্ৰতি দিনে প্ৰতি কাৰ্ডত ২০০০ টকাৰ উইদ্ৰ সীমা হয়, (খ) এই সীমা এটিএম আৰু পইণ্ট অফ চেনেলত কৰা উইদ্ৰৱেলকে ধৰি সকলো চেনেলযোগে সামগ্ৰিক উইদ্ৰকৃত ৰাশিৰ সীমা প্ৰতি সপ্তাহত ২০,০০০ টকা হয়,আৰু (গ) টকা উলিওৱাৰ সীমা সংশোধিত/বৃদ্ধি কৰাৰ লগে লগে আৱশ্যকীয় সালসলনিখিনি কৰি লোৱা হয়। ৪. বেংকিং কৰেছপণ্ডেণ্টৰ যোগেদি টকা উলিওৱা বিচিবিলাক বেংকৰে এজেণ্ট যেতিয়া, বেংকে বিচিবিলাকক অনু-এটিএম আৰু আধাৰ সমৰ্থিত প্ৰদান প্ৰণালী (এ ই পি এছ)যোগে টকা জমা উলিওৱা লেনদেন সম্পৰ্কে আৱশ্যকীয় নিৰ্দেশাৱলী দিব যাতে নিৰ্দিষ্ট বেংকনোটৰ বিতৰণ আৰু গ্ৰহণ, কাউণ্টাৰকে প্ৰযোজ্য সীমা বিষয়ক নিৰ্দেশনা অৰ্থাত্ ভাৰত চৰকাৰৰ ৮ নৱেম্বৰ,২০১৬ৰ প্ৰেছ বিজ্ঞপ্তিত উল্লেখিত চৰ্ত মতে সম্পাদনৰ নিশ্চয়তা কৰা হয়। ৫. কেশ্ব ডিপজিট মেচিন আৰু কেশ্ব ৰিচাইক্লাৰ্চৰ যোগেদি জমা গ্ৰহণ (ক) বেংকসমূহে কেশ্ব ডিপজিট মেচিন (চিডিএম) আৰু কেশ্ব ৰিচাইক্লাৰ্চ (চিআৰ)বোৰ কাৰ্যক্ষম কৰিব নিম্নোক্ত চৰ্তসাপেক্ষে- (১) নিৰ্দিষ্ট বেংক নোট বিতৰণৰ বাবে চিডিএম আৰু চিআৰবোৰ অক্ষম কৰা হয়, (২) এছবিএন লব পৰাকৈ চিডিএম আৰু চিআৰবোৰ কনফিগাৰ কৰা হয় (৩০ ডিচেম্বৰ,২০১৬লৈকেহে) কাৰ্ড-ভিত্তিক অথেনটিকেশ্যন কৰিহে (এছবিএন জমাৰ বাবে কাৰ্যবিহীন জমা সামৰ্থ্যক নকৰিব) এই ব্যৱস্থা কাৰ্ড ধাৰকৰ একাউণ্টত জমাভুক্তিৰ বাবেহে (আন কথাত তৃতীয় পক্ষৰ একাউণ্টত জমা গ্ৰহণ কৰিব নোৱাৰাকৈ)। (খ) চিডিএম আৰু চিআৰবিলাকে পৰৱৰ্ত্তী সময়ত এটিএমত প্ৰযোজ্য টকা উঠোৱা সীমা সাপেক্ষে অনা-এছবিএন গ্ৰহণ আৰু বিতৰণ কৰি থাকিব পাৰিব। ৬. উচ্চ মুদ্ৰাবৰ্গৰ (৫০০ আৰু ২০০০ টকা) নতুন শৃংখলা নোট গ্ৰহণ আৰু বিতৰণৰ বাবে প্ৰস্তুতি মহাত্মা গান্ধী (নতুন) শৃংখলাৰ উচ্চ মুদ্ৰাবৰ্গৰ নোটবোৰ প্ৰচলনৰ বাবে অহাৰ লগে লগে তেনে নোট বিতৰণ (উঠোৱা) আৰু গ্ৰহণ (জমা) কৰিব পৰাকৈ নিজৰ এটিএম আৰু চিডিএম/চিআৰবোৰ সাজু কৰি ৰখাটো বেংকসমূহে নিশ্চিত কৰিব। ২. উক্ত চাৰ্কুলাৰ আইটেম ২(২) আৰু ২(৪)ত থকা নিৰ্দেশাৱলীৰ সালসলনি ঘটাই বেংকবোৰক এতিয়া কোৱা হল যে হৱাইট লেবেল এটিএম অপাৰেটৰসকলে প্ৰত্যহৃত বেংক নোট জমা কৰাৰ বাবে তেওঁলোকৰ নগদ যোগানকাৰক বেংকবোৰক লগ ধৰিব পাৰে (যিবিলাক নেকি স্পনচৰ বেংক হওক বা নহওক)। ৩. গ্ৰাহক সেৱাৰ উন্নতি সাধন কৰিবলৈ নিম্নোক্ত অতিৰিক্ত ব্যৱস্থাৱলী কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত লোৱা হল- (ক) বিনিময় সংক্ৰান্তীয় সেৱা আগবঢ়াব পৰাকৈ আৱশ্যক হলে সম্প্ৰসাৰিত সময় লৈ বেংক কাউণ্টাৰবোৰ খোলা ৰাখিব লাগিব। (খ) বিনিময় সম্পৰ্কীয় সেৱা সন্দৰ্ভত ৰাইজৰ সহায়ৰ বাবে বেংকবোৰে হেল্পলাইন স্থাপন কৰিব লাগিব। হেল্পলাইন সম্পৰ্কীয় তথ্য বেংক শাখাবোৰত দিচপ্লে কৰিব আৰু নিজা ৱেবছাইটত আপলড কৰিব লাগিব। (গ) পিঅএছ টাৰ্মিনেলবোৰতো পূৰ্ব নিৰ্দ্ধাৰিত সাপ্তাহিক সীমাৰ ভিতৰত প্ৰযোজ্য হোৱাকৈ প্ৰতি কাৰ্ডত দৈনিক ২০০০ টকা উলিওৱাৰ বাবে অনুমতি দিব পাৰে। ৪. পৰ্যালোচনাৰ অন্তত আমাৰ ৮ নৱেম্বৰ,২০১৬ৰ চাৰ্কুলাৰৰ দফা ৩(৪)ত উল্লেখিত মতে বিজনেছ কৰেছপণ্ডেণ্টৰ যোগেদি বিনিময় সুবিধা বিষয়ক নিৰ্দেশাৱলী প্ৰত্যাহাৰ হৈছে। ৫. এই নিৰ্দেশাৱলী তত্কালে কাৰ্যকৰী হোৱাকৈ ৰূপায়ণ কৰিব লাগিব। ৬. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰিব। আপোনাৰ বিশ্বাসী (পি বিজয় কুমাৰ) |