RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78507754

আৰ বি আয়ে প্ৰৱৰ্তন কৰিছে মহাত্মা গান্ধী (নতুন শৃংখলাত ১০ টকীয়া বেংক নোট

৫ জানুৱাৰী, ২০১৮

আৰ বি আয়ে প্ৰৱৰ্তন কৰিছে মহাত্মা গান্ধী (নতুন শৃংখলাত ১০ টকীয়া বেংক নোট

ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰজিত্ আৰ পেটেলৰ স্বাক্ষৰ সম্বলিত মহাত্মা গান্ধী (নতুন) শৃংখলাত ১০ টকা মুদ্ৰাবৰ্গৰ বেংক নোট জাৰি কৰিব। নতুন মুদ্ৰাবৰ্গৰ নোটবোৰৰ পিঠিফালে দেশৰ সাংস্কৃতিক ঐতিহ্যক বৰ্ণোৱা সূৰ্য মন্দিৰৰ অলংকৰণ নক্সা আছে। নোটৰ আধাৰ ৰং হৈছে চকলেট ব্ৰাউন। নোটবোৰত সমুখ আৰু পিঠি উভয়ফালে সামগ্ৰিক ৰং বিন্যাসৰ সৈতে ৰজিতা খোৱা অন্যান্য আৰ্হিবোৰ আৰু জ্যামিতীয় পেটাৰ্ণবোৰ আছে।

ৰিজাৰ্ভ বেংকে ইতিপূৰ্বে জাৰি কৰা ১০ টকা মুদ্ৰাবৰ্গৰ সকলোবোৰ বেংকনোট বৈধ মুদ্ৰা হৈ থাকিব।

মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ১০ টকা মুদ্ৰাবৰ্গৰ নোটবোৰৰ সাঁচ আৰু মূল বৈশিষ্ট্যবোৰ নিম্নোক্ত ধৰণৰ-

১. সাঁচ

সন্মুখ ফাল

পিঠি ফাল

১. মূল বৈশিষ্ট্যবোৰ-

সন্মুখ ফাল

১. মুদ্ৰাবৰ্গীয় সংখ্যা ১০ সহ আলোকী নিবন্ধন

২. মুদ্ৰাবৰ্গীয় সংখ্যা 10 দেৱনাগৰীত

৩. কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি

৪. সুক্ষ্মাকৰ RBI, भारत, INDIA আৰু 10

৫. भारत আৰু RBI খোদিত সংযোগ সূ্ত্ৰবিশিষ্ট ধাতৱবৰ্জিত সুৰক্ষা সূতা।

৬. মহাত্মা গান্ধী প্ৰতিকৃতিৰ সোঁহাতে নিশ্চয়তা স্বৰ্ত, প্ৰতিশ্ৰুতি স্বৰ্তসহ গৱৰ্ণৰৰ স্বাক্ষৰ আৰু RBI প্ৰতীক।

৭. সোঁহাতে অশোক স্তম্ভ প্ৰতীক

৮. মহাত্মা গান্ধীৰ প্ৰতিকৃতি আৰু ইলেক্টটাইপ (১০) বিৰিং চিহ্ন

৯. শীৰ্ষ বাঁও কাষ আৰু তলীৰ সোঁকাষে সৰুৰ পৰা ডাঙৰ ক্ৰমেৰে সংখ্যাসূচী।

পিঠি ফাল

১১. নোটৰ বাঁওপিনে ইয়াৰ ছপাবৰ্ষ

১২. শ্লগানসহ স্বচ্ছ ভাৰতৰ প্ৰতীক

১৪. মুদ্ৰাবৰ্গীয় 10 দেৱনাগৰীত।

বেংকনোটৰ আকাৰ ৬৩ মি.মি. X ১২৩ মি.মি.।

জোস জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/১৮৪৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?