আৰ বি আয়ে প্ৰৱৰ্তন কৰিছে মহাত্মা গান্ধী (নতুন) & - আৰবিআই - Reserve Bank of India
আৰ বি আয়ে প্ৰৱৰ্তন কৰিছে মহাত্মা গান্ধী (নতুন) শৃংখলাত ২০ টকীয়া বেংক নোট
২৬ এপ্ৰিল, ২০১৯ আৰ বি আয়ে প্ৰৱৰ্তন কৰিছে মহাত্মা গান্ধী (নতুন) শৃংখলাত ২০ টকীয়া বেংক নোট ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্বাক্ষৰ সম্বলিত, মহাত্মা গান্ধী (নতুন) শৃংখলাত ২০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব। নতুন মুদ্ৰাবৰ্গৰ নোটবোৰৰ পিঠিফালে দেশৰ সাংস্কৃতিক ঐতিহ্যক বৰ্ণোৱা ইলোৰা গুহাৰ অলংকৰণ নক্সা আছে। নোটৰ আধাৰ ৰং হৈছে সেউজ হালধীয়া। এই নোটৰ সমুখ আৰু পিঠি উভয়ফালে, সামগ্ৰিক ৰং বিন্যাসৰ ৰজিতা খোৱাকৈ অন্যান্য আৰ্হি আৰু জ্যামিতীয় প্ৰতিদৰ্শ আছে। ৰিজাৰ্ভ বেংকে ইতিপূৰ্বে জাৰি কৰা ২০ টকা মুদ্ৰাবৰ্গৰ সকলোবোৰ বেংকনোট বৈধ মুদ্ৰা হৈ থাকিব। মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ২০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট প্ৰতিৰূপ আৰু মূল বৈশিষ্ট্যবোৰ নিম্নোক্ত ধৰণৰ- ১. প্ৰতিৰূপ ![]() ![]() সমুখফাল ২. মূল বৈশিষ্ট্যবোৰ ১. মুদ্ৰাবৰ্গীয় সংখ্যা ২০ সহ অৱলোকী নিবন্ধন ২. মুদ্ৰাংকীয় সংখ্যা ২০ (হিন্দী २०) দেবনাগৰীত। ৩. কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিকৃতি ৪. সুক্ষ্মাক্ষৰসমূহ RBI, भारत, INDIA আৰু ২০। ৫. INDIA আৰু भारत অংকিত উইণ্ডড ধাতববৰ্জিত সুৰক্ষা সূতা। ৬. মহাত্মা গান্ধী প্ৰতিকৃতিৰ সোঁপিনে নিশ্চয়তা স্বৰ্ত্ত, প্ৰতিশ্ৰুতি স্বৰ্ত্ত সহ গৱৰ্ণৰৰ স্বাক্ষৰ আৰু RBI প্ৰতীক,। ৭. সোঁপিনে অশোক স্তম্ভ প্ৰতীক। ৮. মহাত্মা গান্ধী প্ৰতিকৃতি আৰু ইলেক্ট্ৰটাইপ (২০) ৱাটাৰমাৰ্ক। ৯. ওপৰৰ বাওঁপিনে আৰু তলৰ সোঁপিনে সৰুৰ পৰা ক্ৰমে ডাঙৰ হৈ অহা সংখ্যাসমষ্টি সহ সংখ্যা সূচী। পিঠিফাল ১০. বাঁওপিনে নোটৰ ছপাবৰ্ষ ১১. শ্লোগানসহ স্বচ্ছ ভাৰতৰ প্ৰতীক ১২. ভাষা সূচী ১৩. ইলোৰা গুহাৰ অলংকৰণ নক্সা ১৪. মুদ্ৰাবৰ্গীয় २० দেবনাগৰীত। বেংকনোটৰ আকাৰ হব ৬৩ মি.মি. X ১২৯ মি.মি. योगेश दयाल প্ৰেছ বিজ্ঞপ্তি – ২০১৮-১৯/২৫৫৫ |