আন্তঃসংস্থাপন আখৰ ‘R’ সহিতে ২০০০ টকীয়া বেংকনোট জাৰি
৮ নৱেম্বৰ, ২০১৬ আন্তঃসংস্থাপন আখৰ ‘R’ সহিতে ২০০০ টকীয়া বেংকনোট জাৰি ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই আন্তঃসংস্থাপিত আখৰ ‘R’ থকা, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত্ পেটেলৰ স্বাক্ষৰ সম্বলিত বেংকনোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষৰ ছাপ থকা, মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ২০০০ টকীয়া বেংকনোট জাৰি কৰিব। ![]() ![]() এতিয়া জাৰি কৰিবলগীয়া নোটবোৰৰ আৰ্হি সকলো ক্ষেত্ৰতে, প্ৰেছ বিজ্ঞপ্তি নং ১১৪৪, দিনাংক ৮ নৱেম্বৰ,২০১৬ত উল্লেখিত মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ২০০০ টকীয়া নোটবোৰৰ সদৃশ হব। ৮ নৱেম্বৰ,২০১৬ তাৰিখৰ প্ৰেছ বিজ্ঞপ্তি নং ১১৪৪ যোগে জাৰি কৰা ইয়াৰ আগৰ নোটবোৰ বৈধ পত্ৰমুদ্ৰা হৈ থাকিব। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৪৫ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: