RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78483403

আৰ বি আয়ে আলৱাৰ কো-অপাৰেটিভ বেংক লিমিটেড, আলৱাৰ (ৰাজস্থান)ক নিৰ্দেশনা জাৰি কৰিছে

৯ মাৰ্চ, ২০১৭

আৰ বি আয়ে আলৱাৰ কো-অপাৰেটিভ বেংক লিমিটেড, আলৱাৰ (ৰাজস্থান)ক নিৰ্দেশনা জাৰি কৰিছে

ইয়াৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে সূচীত কৰা হয় যে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিত প্ৰযোজ্য মতে) ধাৰা ৩৫কৰ উপধাৰা(১) সহিতে পঠিত বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৫৬ৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আয়ে) আলৱাৰ কো-অপাৰেটিভ বেংক লিমিটেড, আলৱাৰক কেইটামান নিৰ্দেশনা জাৰি কৰিছে, যাৰ দ্বাৰা ৭ মাৰ্চ, ২০১৭ৰ ব্যৱসায় সাৰমণিৰ পৰা উক্ত বেংকটোৱে আৰ বি আইৰ লিখিত অনুমোদন অবিহনে কোনো ঋণ বা অগ্ৰিম মঞ্জুৰ বা নবীকৰণ নকৰিব, কোনো বিনিয়োগ নকৰিব, পুঁজিৰ ধাৰ আৰু কোনো জমা গ্ৰহণকে ধৰি কোনো দেয়তা নলব, ইয়াৰ দেয়তাবোৰ আৰু অনিবাৰ্যতা বা অন্য ধৰণৰ নিস্পাদন হেতু ব্যয় বা ব্যয়ৰ সন্মতি নিদিব। কোনো আপোচ বা যোগাৰত নোসোমাব আৰু দিনাংক ১ মাৰ্চ, ২০১৭ৰ আৰ বি আইৰ নিৰ্দেশনাত সূচিতৰ বাদে ইয়াৰ কোনো সা-সম্পত্তি বা সম্পদ বিক্ৰী, হস্তান্তৰ বা অন্য ধৰণৰ নিস্পত্তি নকৰিব, যাৰ এটা প্ৰতিলিপি আগ্ৰহী ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে। বিশেষতঃ প্ৰতিটো সঞ্চয় বেংক একাউণ্ট বা চলিত একাউণ্ট বা অন্য কোনো জমা একাউণ্টৰ মুঠ উদ্ধৃত্তৰ পৰা, ওপৰৰ আৰ বি আইৰ নিৰ্দেশনাবোৰত উল্লেখিত চৰ্ত সাপেক্ষে ১০০০ টকা (এহেজাৰ টকা মাত্ৰ)ৰ অধিক নোহোৱা ৰাশি উলিয়াবলৈ অনুমতি দিব।

ওপৰোক্ত নিৰ্দেশনাবোৰৰ জাৰিক আৰ বি আইৰ দ্বাৰা বেংকিং অনুজ্ঞাপত্ৰ বাতিলকৰণ বুলি আপাতদৃষ্টিত ধৰি লব নালাগে। বেংকটোৱে ইয়াৰ বিত্তীয় অৱস্থা উন্নত হোৱালৈকে সীমাবদ্ধতাৰ ভিতৰত ইয়াৰ বেংকিং ব্যৱসায় চলাই থাকিব। ৰিজাৰ্ভ বেংকে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই নিৰ্দেশনাবোৰৰ সালসলনি ঘটোৱাটো বিবেচনা কৰিব পাৰে।

অনিৰুদ্ধ ডি যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪০৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?