RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78478228

মহাৰাষ্ট্ৰৰ নাচিক জিলা গিৰ্না সহকাৰী বেঙ্ক লিমিটেড, নাচিকলৈ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশনা জাৰী

চেপ্তেম্বৰ ৯, ২০১৫

মহাৰাষ্ট্ৰৰ নাচিক জিলা গিৰ্না সহকাৰী বেঙ্ক লিমিটেড, নাচিকলৈ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশনা জাৰী

বেঙ্কিং ৰেগুলেচন এক্ট, ১৯৪৯ (কোপাৰেটিভ চ’চাইটীৰ ক্ষেত্ৰত প্ৰযোজ্য)ৰ ৩৫A ধাৰাৰ উপ ধাৰা (১) আৰু বেঙ্কিং ৰেগুলেচন এক্ট, ১৯৪৯ ৰ ধাৰা ৫৬ৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকে নাচিক জিলা গিৰ্না সহকাৰী বেঙ্ক লিমিটেড, নাচিক,মহাৰাষ্ট্ৰ লৈ কিছু নিৰ্দেশনা জাৰী কৰিছে । এই নিৰ্দেশ অনুসৰি নাচিক, মহাৰাষ্ট্ৰৰ নাচিক জিলা গিৰ্না সহকাৰী বেঙ্ক লিমিটেডে ২০১৫ চনৰ ৯ চেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ পূৰ্ৱ লিখিত অনুমতি অবিহনে কোনো ঋণ অথবা অগ্ৰিম ধন দিয়া বা নৱীকৰণ কৰা, কোনো ধৰণৰ বিনিয়োগ, কোনো ধৰণৰ বোজা গ্ৰহণ যেনে ঋণ লোৱা আৰু জমা স্বীকাৰ কৰা, বেঙ্কৰ বোজা আৰু দায়িত্ব কমাবলৈ কোনো ধৰণৰ ধন পৰিশোধ কৰা বা পৰিশোধৰ প্ৰতিশ্ৰুতি দিয়া, স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ বিক্ৰী অথবা স্থানান্তৰৰ ক্ষেত্ৰত বন্দৱস্ত বা আপোচ আদি কৰিব নোৱাৰিব । এই ক্ষেত্ৰত ২০১৫ চনৰ ৮ চেপ্তেম্বৰৰ নিৰ্দেশ অনুযায়ী যিখন জাননী বেঙ্কৰ চৌহদত জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰদৰ্শিত হৈ আছে সেইখনহে অনুসৰণ কৰা হ’ব । বিশেষকৈ, প্ৰতিটো চেভিংচ বা কাৰেণ্ট একাউন্ট অথবা যিকোনো ধৰণৰ নামাংকিত ডিপোজিট একাউন্টৰ পৰা জমাকাৰীয়ে উপৰোক্ত ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক নিৰ্দেশমৰ্মে জাৰি কৰা চৰ্তসাপেক্ষে বেলেঞ্চৰ পৰা ১০০০ টকা (এহেজাৰ টকা মাথোঁ)তকৈ অধিক ধন উলিযাব নোৱাৰিব ।

অৱশ্যে, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ দ্বাৰা জাৰী কৰা বেঙ্কিং অনুজ্ঞাপত্ৰ বাহাল থাকিব । বেঙ্কটোৱে বেঙ্কৰ কাম কাজবোৰ কিছুমান নিষেধাজ্ঞাৰ মাজেৰে বিত্তীয় অৱস্থা উন্নত নোহোৱালৈকে চলাই যাব পাৰিব । পৰিস্থিতি সাপেক্ষে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে এই নিষেধাজ্ঞা সংশোধন কৰিব পাৰিব ।

অজিত প্ৰসাদ
সহকাৰী মহাপ্ৰবন্ধক

প্ৰেছ বিজ্ঞপ্তি: ২০১৫-২০১৬/৬২৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?