আৰ বি আইয়ে নাছিক জিলা গিৰ্ণা সহকাৰী বেংক লিমি - আৰবিআই - Reserve Bank of India
আৰ বি আইয়ে নাছিক জিলা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাছিক, মহাৰাষ্ট্ৰক নিৰ্দেশনা জাৰি কৰিছে
২৯ ডিচেম্বৰ, ২০১৬ আৰ বি আইয়ে নাছিক জিলা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাছিক, মহাৰাষ্ট্ৰক নিৰ্দেশনা জাৰি কৰিছে নাছিক জিলা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাছিক, মহাৰাষ্ট্ৰক ৮ ছেপ্টেম্বৰ,২০১৫ তাৰিখৰ নিৰ্দেশযোগে ৯ ছেপ্টেম্বৰ,২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰা ছমাহ অবধিৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছিল। ৩মাৰ্চ,২০১৬ৰ নিৰ্দেশযোগে এই আৰু দিনাংক ২৫ আগষ্ট, ২০১৬ৰ নিৰ্দেশযোগে নিৰ্দেশনাৰ ম্যাদ অধিকতৰ ছমাহকৈ বঢ়োৱা হৈছিল। জনসাধাৰণক ইয়াৰ দ্বাৰা দিহা দিয়া হয় যে নাছিক জিলা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাছিক জাৰি কৰা ৮ ছেপ্টেম্বৰ, ২০১৫ দফা ১(i), ৩ মাৰ্চ, ২০১৬ আৰু ২৫ আগষ্ট, ২০১৬ৰ নিৰ্দেশসমূহৰ তাৰিখ ২৬ ডিচেম্বৰ, ২০১৬ আমাৰ নিৰ্দেশ যোগে নিম্নোল্লেখিত ধৰণে আংশিক সালসলনি কৰা হৈছে- ১. বেংকক নিৰ্দিষ্টকালীন জমাৰ বিপৰতে ঋণ দিবলৈ অনুমতি দিয়া হৈছে, “যদিহে ঋণীৰ সৈতে সম্পাদিত ঋণ চুক্তিত এই কথা থাকে যে তেওঁৰ নিৰ্দিষ্ট জমা একাউণ্টত (যি নামেৰে নহওক লাগে) থকা ধন ৰাশি তেওঁৰ ঋণ একাউণ্টলৈ অভিগ্ৰহণ/সংযোজন, তেওঁৰ ঋণ একাউণ্টৰ বকেয়া ৰাশিৰ পৰিমাণে নিম্নোক্ত অতিৰিক্ত চৰ্ত সাপেক্ষে কৰা হব- ক. সংযোজনৰ দিনা একাউণ্টসমূহ কে ৱাই চি সন্মত হব লাগিব। খ. তৃতীয় পক্ষৰ ধাৰকত্বত থকাকে ধৰি কিন্তু গেৰাণ্টৰ(সকল)/জামিনদাৰতে সীমাবদ্ধ নহয়, জমাসমূহ সংযোজনৰ অনুমতি দিয়া নহব। গ. নিষ্পত্তিৰ ক্ষেত্ৰত হোৱা বিলম্বৰ ফলত ঋণ একাউণ্ট এন পি এ হব পৰা ক্ষেত্ৰত সাধাৰণতঃ জমাকৰ্তাক বিহিত জাননী দি/অনুমতি লৈহে এই বিকল্প গ্ৰহণ কৰিব লাগিব। বিহিত ঋণ (নিয়মীয়াকৈ দি থকা) ঋণ নিষ্পত্তিৰ বাবে আৰু ঋণ চুক্তিৰ কোনো উলংঘনৰ ক্ষেত্ৰত জমাকৰ্তা ঋণীৰ আগতিয়া লিখিত অনুমতিৰ প্ৰয়োজন হব। ঘ. জমা অথবা ইয়াৰ নিষ্পত্তিক আইনী আদালত বা বিধিগত কৰ্তৃপক্ষ বা বিধিৰ দ্বাৰা ক্ষমতাপ্ৰাপ্ত অন্য যিকোনো কৰ্তৃপক্ষৰ ক্ৰোক আদেশ/নিষেধাজ্ঞা আদেশ, ৰাজ্যিক সমবায় সমিতি আইন আদিৰ অধীনত আমানতৰ জমা ধন, বিশ্বাস বাধ্যতা, তৃতীয় পক্ষৰ গ্ৰহণাধিকাৰ সাপেক্ষ নহব।“ ২. প্ৰচলিত চৰ্তাৱলী সাপেক্ষে কোনো সঞ্চালক সম্পৰ্কিত ঋণ থাকিলে তাৰ বাদে বিহিত আৰু নিৰাপদ কেচ-ক্ৰেডিট একাউণ্টৰ বৰ্তমানৰ ঋণ সীমা বেংকটোৱে নবীকৰণ কৰিব লাগিব। ২৬ ডিচেম্বৰ, ২০১৬ দিনাংকৰ নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত অঁৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই সালসলনিক আপাত দৃষ্টিত ধৰি লব নালাগে যে বেংকটোৰ বিত্তীয় অৱস্থাৰ বুজন উন্নতি হোৱা বুলি ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৬৯৮ |