আৰ বি আইয়ে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক, নাগপ&# - আৰবিআই - Reserve Bank of India
আৰ বি আইয়ে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক, নাগপুৰ, জিলা নাগপুৰ, মহাৰাষ্ট্ৰক নিৰ্দেশনা জাৰি কৰিছে
১৬ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক, নাগপুৰ, জিলা নাগপুৰ, মহাৰাষ্ট্ৰক ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৫ ডিচেম্বৰ,২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহ অবধিৰ বাবে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, নাগপুৰ, জিলা নাগপুৰ, মহাৰাষ্ট্ৰলৈ নিৰ্দেশনা জাৰি কৰিছ। এই নিৰ্দেশনা মতে, নবোদয়া আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, নাগপুৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আগতিয়া লিখিত অনুমোদন অবিহনে কোনো ঋণ আৰু অগ্ৰিম মঞ্জুৰ বা নবীকৰণ নকৰিব, কোনো বিনিয়োগ নকৰিব, পুঁজিৰ ধাৰ আৰু নতুন জমা গ্ৰহণকে ধৰি কোনো দেয়তা নলব, দেয়তা আৰু দায়বদ্ধতা বা অন্য প্ৰকাৰৰ দায়মুক্তিকে ধৰি টকা উলিয়াই নিদিব বা তাৰ বাবে চুক্তি নকৰিব, কোনো এৰাধৰা বা যা-যোগাৰ বা ৰিজাৰ্ভ বেংকৰ অধিসূচনাত উল্লেখৰ বাদে কোনো সম্পদ ক্ৰয় বিক্ৰী, বদলি বা তেনে ধৰণৰ নকৰিব। অধিকন্তু ১১ ডিচেম্বৰ,২০১৬ৰ পৰা ছমাহৰ বাবে নিৰ্দেশনা প্ৰযোজ্য অবধিত বেংকে ইয়াৰ জমাকৰ্তাসকলক, প্ৰতিটো সঞ্চয় বেংক বা কাৰেণ্ট একাউণ্ট বা অন্য যিকোনো জমা একাউণ্টত মুঠ অৱশিষ্ট ৰাশিৰ এবাৰ ১০০০ টকাৰ (এহেজাৰ টকা) অধিক নোহোৱা ৰাশি উঠাবলৈ দিব পাৰিব। বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৩৫কৰ উপ-ধাৰা (১) সমন্বিতে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৫৬ৰ অধীনত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি ৰিজাৰ্ভ বেংকে এই নিৰ্দেশনা জাৰি কৰে। ইচ্ছুক ৰাইজে পঢ়িব পৰাকৈ নিৰ্দেশনাৰ প্ৰতিলিপি এটা বেংকটোৰ চৌহদত প্ৰদৰ্শিত আছে। ৰিজাৰ্ভ বেংকে জাৰি কৰা এই নিৰ্দেশনাক ৰিজাৰ্ভ বেংকে বেংকটোৰ বেংকিং অনুজ্ঞা বাতিল কৰা বুলি নিজাববীয়াকৈ ধৰি লব নালাগে। বেংকটোৱে ইয়াৰ বিত্তীয় অৱস্থা উন্নত নোহোৱা পৰ্যন্ত বেংকিং ব্যৱসায় চলাই যাব। ৰিজাৰ্ভ বেংকে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই নিৰ্দেশনাবোৰৰ সালসলনি ঘটোৱাটো বিবেচনা কৰিব পাৰে। (অজিত প্ৰসাদ) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫৫২ |