শ্ৰীগোৱৰ্ধন সিংজী ৰঘুবংশী সহকাৰী বেঙ্ক লিমù - আৰবিআই - Reserve Bank of India
শ্ৰীগোৱৰ্ধন সিংজী ৰঘুবংশী সহকাৰী বেঙ্ক লিমিটেড, নন্দৰবাৰ,মহাৰাষ্ট্ৰলৈ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশনা জাৰী
চেপ্তেম্বৰ ৯, ২০১৫ শ্ৰীগোৱৰ্ধন সিংজী ৰঘুবংশী সহকাৰী বেঙ্ক লিমিটেড, নন্দৰবাৰ,মহাৰাষ্ট্ৰলৈ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশনা জাৰী বেঙ্কিং ৰেগুলেচন এক্ট, ১৯৪৯ (কোপাৰেটিভ চ’চাইটীৰ ক্ষেত্ৰত প্ৰযোজ্য)ৰ ৩৫A ধাৰাৰ উপ ধাৰা (১) আৰু বেঙ্কিং ৰেগুলেচন এক্ট, ১৯৪৯ ৰ ধাৰা ৫৬ৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকে শ্ৰীগোৱৰ্ধন সিংজী ৰঘুবংশী সহকাৰী বেঙ্ক লিমিটেড, নন্দৰবাৰ, মহাৰাষ্ট্ৰ লৈ কিছু নিৰ্দেশনা জাৰী কৰিছে । এই নিৰ্দেশ অনুসৰি নন্দৰবাৰ, মহাৰাষ্ট্ৰৰ শ্ৰীগোৱৰ্ধন সিংজী ৰঘুবংশী সহকাৰী বেঙ্ক লিমিটেডে ২০১৫ চনৰ ৯ চেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ পূৰ্ৱ লিখিত অনুমতি অবিহনে কোনো ঋণ অথবা অগ্ৰিম ধন দিয়া বা নৱীকৰণ কৰা, কোনো ধৰণৰ বিনিয়োগ, কোনো ধৰণৰ বোজা গ্ৰহণ যেনে ঋণ লোৱা আৰু জমা স্বীকাৰ কৰা, বেঙ্কৰ বোজা আৰু দায়িত্ব কমাবলৈ কোনো ধৰণৰ ধন পৰিশোধ কৰা বা পৰিশোধৰ প্ৰতিশ্ৰুতি দিয়া, স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ বিক্ৰী অথবা স্থানান্তৰৰ ক্ষেত্ৰত কোনো বন্দবস্ত বা আপোচ আদি কৰিব নোৱাৰিব । এই ক্ষেত্ৰত ২০১৫ চনৰ ৮ চেপ্তেম্বৰৰ নিৰ্দেশ অনুযায়ী যিখন জাননী বেঙ্কৰ চৌহদত জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰদৰ্শিত হৈ আছে, সেইখনহে অনুসৰণ কৰা হ’ব । বিশেষকৈ,প্ৰতিটো চেভিংচ বা কাৰেণ্ট একাউন্ট অথবা যিকোনো ধৰণৰ নামাংকিত ডিপোজিট একাউন্টৰ পৰা জমাকাৰীয়ে উপৰোক্ত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশমৰ্মে জাৰী কৰা চৰ্তসাপেক্ষে বেলেঞ্চৰ পৰা ১০০০ টকা (এহেজাৰ টকা মাথোঁ)তকৈ অধিক ধন উলিযাব নোৱাৰিব । অৱশ্যে, আৰ.বি.আই.ৰ দ্বাৰা জাৰি কৰা বেঙ্কিং অনুজ্ঞাপত্ৰবাহাল থাকিব । বেঙ্কটোৱে বেঙ্কৰ কাম কাজবোৰ কিছুমান নিষেধাজ্ঞাৰ মাজেৰে বিত্তীয় অৱস্থা উন্নত নোহোৱালৈকে চলাই যাব পাৰিব । পৰিস্থিতি সাপেক্ষে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে এই নিষেধাজ্ঞা সংশোধন কৰিব পাৰিব । অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তি : ২০১৫-২০১৬/৬৩০ |