RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492775

আৰ বি আয়ে দ্য কাপোল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক নিৰ্দেশনা জাৰি কৰিছে

৩১ মাৰ্চ, ২০১৭

আৰ বি আয়ে দ্য কাপোল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক নিৰ্দেশনা জাৰি কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, (নিৰ্দেশ ডি চি বি এছ.চি অ.বি এছ ডি-১/দি-০৯/১২.২২.১১১/২০১৬-১৭ দিনাংক ৩০ মাৰ্চ, ২০১৭ যোগে) দ্য কাপোল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক নিৰ্দেশনাধীন কৰিছে। নিৰ্দেশনা মতে, জমাকাৰীসকলক প্ৰতিটো সঞ্চয় বেংক বা কাৰেণ্ট একাউণ্ট বা অন্য জমা একাউণ্টত, যি নামেৰে হওক, মুঠ উদ্ধৃত্ত ৰাশিৰ পৰা, আৰ বি আই নিৰ্দেশনাত বান্ধি দিয়া চৰ্ত সাপেক্ষে, ৩,০০০ টকা (তিনি হাজাৰ টকা মাত্ৰ)ৰ অধিক নোহোৱা ৰাশি উলিয়াবলৈ জমাকাৰীসকলক অনুমতি দিয়া হব। দ্য কাপোল কো-অপাৰেটিভ বেংক লিমিটেডে, ৰিজাৰ্ভ বেংকৰ আগতীয় লিখিত অনুমতি অবিহনে, কোনো ঋণ আৰু অগ্ৰিম মঞ্জুৰ বা নবীকৰণ, কোনো বিনিয়োগ কৰিব, পুঁজি ধাৰে লোৱা আৰু নতুন জমা গ্ৰহণ, ইয়াৰ কোনো দেয়তা আৰু দায়বদ্ধতা অথবা অন্য প্ৰকাৰৰ দায়িত্ব সম্পাদনৰ বাবে কোনো প্ৰদান আদায় বা আদায়ৰ বাবে সন্মতি দান, কোনো আপোচ বা যা-যোগাৰ সম্পাদন আৰু ৩০ মাৰ্চ, ২০১৭ দিনাংকৰ আৰ বি আই নিৰ্দেশনাত জ্ঞাপিতখিনিৰ বাদে ইয়াৰ কোনো সম্পত্তি বা সম্পদ বিক্ৰী, হস্তান্তৰ বা অন্য প্ৰকাৰে নিষ্পত্তি কৰিব নোৱাৰিব। ৩০ মাৰ্চ, ২০১৭ৰ ব্যৱসায় সামৰণিৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে।

ৰিজাৰ্ভ বেংকৰ দ্বাৰা এই নিৰ্দেশনা জাৰিক আপাতঃদৃষ্টিত ৰিজাৰ্ভ বেংকে বেংকিং অনুজ্ঞাপত্ৰ বাতিল কৰা বুলি ধৰি লব নালাগে। বেংকটোৱে ইয়াৰ বিত্তীয় অৱস্থা উন্নত হোৱালৈকে সীমাবদ্ধতাৰে বেংকিং ব্যৱসায় সম্পাদন কৰি থাকিব। ৰিজাৰ্ভ বেংকে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই নিৰ্দেশবোৰৰ সালসলনি ঘটোৱাটো বিবেচনা কৰিব পাৰে।

বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৫৬ সমন্বিতে পঠিত আইনখনৰ ধাৰা ৩৫কৰ উপ-ধাৰা(১)ৰ অন্তৰ্গত ৰিজাৰ্ভ বেংকক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে। আগ্ৰহী ৰাইজে পঢ়ি চাব পৰাকৈ বেংকটোৰ চৌহদত নিৰ্দেশনাটোৰ এক প্ৰতিলিপি প্ৰদৰ্শিত কৰা হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৩১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?