ইউনাইটেড ইণ্ডিয়া কো-অপাৰেটিভ বেংক লিমিটেড, ন - আৰবিআই - Reserve Bank of India
ইউনাইটেড ইণ্ডিয়া কো-অপাৰেটিভ বেংক লিমিটেড, নাগিনা, বিজনৰ, উত্তৰ প্ৰদেশক আৰ বি আইয়ে নিৰ্দেশনা জাৰি কৰে – নিৰ্দেশনা প্ৰত্যাহাৰ
১৪ অক্টোবৰ, ২০১৬ ইউনাইটেড ইণ্ডিয়া কো-অপাৰেটিভ বেংক লিমিটেড, নাগিনা, বিজনৰ, উত্তৰ প্ৰদেশক আৰ বি আইয়ে নিৰ্দেশনা জাৰি কৰে – নিৰ্দেশনা প্ৰত্যাহাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে বেংকিং বিনিয়ম আইন,১৯৪৯ (এএচিএছ)ৰ ধাৰা ৫৬ সাপেক্ষে ধাৰা ৩৫কৰ অধীনত ৮ জুলাই,২০১৫ৰ নিৰ্দেশ মৰ্মে ইউনাইটেড ইণ্ডিয়া কো-অপাৰেটিভ বেংক লিমিটেডক নিৰ্দেশ জাৰি কৰিছিল। এই নিৰ্দেশ সময়ে সময়ে সম্প্ৰসাৰিত কৰা হৈছিল আৰু যোৱাবাৰ ৩০ মাৰ্চ,২০১৬ৰ নিৰ্দেশটো ১৪ অক্টোবৰ,২০১৬লৈ বাহাল আছে। ৰিজাৰ্ভ বেংকে ৰাজহুৱা স্বাৰ্থত বিবেচনাৰ আৱশ্যকতাবোধ কৰি বেংকিং বিনিয়ম আইন,১৯৪৯ (এএচিএছ)ৰ ধাৰা ৫৬ সাপেক্ষে ধাৰা ৩৫কৰ উপ-ধাৰা (২)ৰ অধীনত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি সেই মৰ্মে জাৰি কৰা নিৰ্দেশটো (আৰু সময়ে সময়ে কৰা সালসলনি মতে) ইয়াৰ দ্বাৰা ১৫ অক্টোবৰ,২০১৬ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ইউনাইটেড ইণ্ডিয়া কো-অপাৰেটিভ বেংক লিমিটেড, নাগিনা, বিজনৰ, উত্তৰ প্ৰদেশৰ পৰা প্ৰত্যাহাৰ কৰিছে। নিৰ্দেশটোৰ এটা প্ৰতিলিপি বেংকটোৰ চৌহদত প্ৰদৰ্শিত কৰা হৈছে যাতে ইচ্ছুক লোকে পঢ়িব পাৰে। বেংকটোৱে এতিয়াৰে পৰা নিয়মীয়া বেংকিং ব্যৱসায় চলাই যাব পাৰিব। অনিৰুদ্ধ ডি. যাদৱ প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/৯২৯ |