RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78480779

আৰ বি আয়ে স্বৰ্ণ মৌদ্ৰিকৰণ আঁচনি সম্পৰ্কীয় ইয়াৰ মূল নিৰ্দেশনা অধিক গ্ৰাহকমুখী কৰিছে

২১ জানুৱাৰী, ২০১৬

আৰ বি আয়ে স্বৰ্ণ মৌদ্ৰিকৰণ আঁচনি সম্পৰ্কীয় ইয়াৰ মূল
নিৰ্দেশনা অধিক গ্ৰাহকমুখী কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি ইয়াৰ Master Direction on Gold Monetization Scheme খনৰ কেইটামান সংশোধন ঘটাইছে। আঁচনিখন অধিক গ্ৰাহকমুখী কৰিবলৈ এই সংশোধনকেইটা ঘটোৱা হৈছে।

জমাকাৰীসকলে মধ্যম্যাদী জমাৰ ক্ষেত্ৰত ন্যূনতম তিনি বছৰ প্ৰত্যাহাৰ নিৰুদ্ধ অবধি আৰু দীৰ্ঘম্যাদী জমাৰ ক্ষেত্ৰত ন্যূনতম পাঁচ বছৰ প্ৰত্যাহাৰ নিৰুদ্ধ অবধিৰ পাছত মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী চৰকাৰী জমাবোৰ পৰিপক্কতাপূৰ্ব প্ৰত্যাহাৰ কৰিব পাৰিব। অৱশ্যে জমাখিনিয়ে সম্পূৰ্ণ কৰা অবধিৰ ওপৰত নিৰ্ভৰ কৰি পৰিপক্কতাপূৰ্ব প্ৰত্যাহাৰৰ বাবদ নিম্নতৰ সুদৰ হাৰৰ আকাৰত দণ্ড থাকিব।

সোণৰ বৃহত্ নিবেদনৰ ক্ষেত্ৰত বিশ্লেষণভিত্তিক প্ৰকৃত মূল্য নিৰ্ধাৰণৰ সামৰ্থ্য থকা শোধনকাৰবিলাকত পোনপটীয়াকৈ সোণ জমা দিব পাৰিব। ইয়াৰ ফলত কেঁচা সোণ জমা দিয়াৰ সময় আৰু ই সুদ বহন কৰা সময়টোৰ মাজৰ কাল বিলম্বন হ্ৰাস পাব।

এইটোও স্পষ্ট কৰি দিয়া হল যে চৰকাৰে অংশগ্ৰহণকাৰী বেংকবোৰক প্ৰথম বৰ্ষত মুঠ ২.৫ শতাংশ কমিছন (১.৫ শতাংশ ব্যৱসায়িক লেনদেন মাচুল আৰু ১ শতাংশ কমিছন) দিব।

ৰূপায়ণ সম্পৰ্কীয় যিকোনো বিষয়ৰ নিষ্পত্তি আৰু ইয়াক অধিকতৰ গ্ৰাহকমুখী কৰাৰ উদ্দেশ্যে আঁচনিখন নিয়মীয়াকৈ পুনৰীক্ষণ কৰি থকা হ’ব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৫-২০১৬/১৭২৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?