আৰ বি আয়ে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্নৌ, উত্তৰ প্ৰদেশক বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অধীনত জাৰি কৰা নিৰ্দেশনা সালসলনি কৰিছú
৩০ নৱেম্বৰ, ২০১৬ আৰ বি আয়ে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্নৌ, উত্তৰ প্ৰদেশক বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অধীনত জাৰি কৰা নিৰ্দেশনা সালসলনি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে অধিসূচিত কৰিছে যে ১৯ অক্টোবৰ,২০১৫ৰ ইয়াৰ নিৰ্দেশৰ আংশিক সালসলনি কৰি দিনাংক ২৫ নৱেম্বৰ,২০১৬ৰ নিৰ্দেশ মৰ্মে মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক, লক্ষ্নৌত আৰোপিত নিৰ্দেশনা সালসলনি ঘটাইছে। বেংকটোক দিনাংক ৪ জুন,২০১৪ নিৰ্দেশ মৰ্মে পোনতে ১২ জুন,২০১৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনাধীন কৰা হৈছিল। ১৯ অক্টোবৰ,২০১৫ দিনাংকৰ উক্ত নিৰ্দেশনা সাপেক্ষে অন্য চৰ্তৰ ভিতৰত নিৰ্দেশনা আৰোপৰ পাছত ১,০০,০০০ (এক লাখ) টকা বা ততোধিকৰ পাছত ইতিমধ্যে উঠোৱাৰ বাবে অনুমতিপ্ৰাপ্ত যিকোনো নামেৰে চলোৱা প্ৰতিটো সঞ্চয় বেংক একাউণ্ট বা চলিত একাউণ্ট বা ম্যাদী জমা একাউণ্ট বা অন্য কোনো জমা একাউণ্টত সৰ্বাধিক ১৫,০০,০০০ (পোন্ধৰ লাখ ) টকাৰে জমাকৰ্তাই ৰখা জমাৰ ৭০ শতাংশৰ অধিক নোহোৱা ৰাশি এজন জমাকৰ্তাক উঠাবলৈ অনুমতি দিয়া হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকে উক্ত বেংকটোৰ স্থিতি পুনৰীক্ষণ কৰিলে আৰু ৰাজহুৱা স্বাৰ্থত উপৰোক্ত নিৰ্দেশ সালসলনি কৰাটো আৱশ্যক বুলি বিবেচনা কৰিলে। সেইমতে, বেংকিং বিনিয়ামক আইন, ১৯৪৯ৰ ধাৰা ৫৬ সমন্বিতে ধাৰা ৩৫কৰ উপ-ধাৰা (১) আৰু (২)ৰ অন্তৰ্গত ক্ষমতা প্ৰয়োগ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে ১৯ অক্টোবৰ,২০১৫ত ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেডক জাৰি কৰা নিৰ্দেশনাটোৰ দফা ৩ তলত দিয়া মতে সালসলনি কৰা হওক- ১,০০,০০০ টকা বা ততোধিকৰ নিৰ্দেশনা আৰোপৰ পাছত উঠোৱাৰ অনুমতিপ্ৰাপ্ত, যিকোনো নামেৰে চলোৱা প্ৰতিটো সঞ্চয় বেংক একাউণ্ট, চলিত একাউণ্ট, ম্যাদী জমা একাউণ্ট বা অন্য কোনো জমা একাউণ্টত সৰ্বাধিক ১৫,০০,০০০ টকা (পোন্ধৰ লাখ টকা)ৰে জমাকৰ্তাই ৰখা জমাৰ ৭০ শতাংশৰ অধিক নোহোৱা ৰাশি একোজন জমাকৰ্তাক উঠাবলৈ দিব পাৰে, এই চৰ্ত সাপেক্ষে যে এনে যি জমাকৰ্তাৰ বেংকত কোনো প্ৰকাৰে দায়বদ্ধতা থাকে, জমাৰ বিপৰীতে লোৱা ধাৰকে ধৰি ধাৰ লওঁতা বা জামিনদাৰ হিচাপে হওক, সংশ্লিষ্ট ধাৰ একাউণ্টৰ পৰা প্ৰথমে সেইখিনি কাটি ৰাখিব। ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেডক ৪ জুন, ২০১৪ তাৰিখে জাৰি কৰা নিৰ্দেশনাত থকা অন্যান্য সীমাবদ্ধতা, চৰ্ত আৰু উপবন্ধৰ পৰ্যালোচনা সাপেক্ষে ১১ মাৰ্চ,২০১৭ৰ ব্যৱসায় সামৰণিৰ পৰলৈকে অপৰিৱৰ্তিত আৰু অব্যাহত থাকিব। (অনিৰূদ্ধ ডি. যাদৱ) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৩৭২ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: