আৰ বি আইয়ে নতুন দিল্লীত দ্বিতীয়টো বেংকিং লোক - আৰবিআই - Reserve Bank of India
আৰ বি আইয়ে নতুন দিল্লীত দ্বিতীয়টো বেংকিং লোকপাল কাৰ্যালয় খুলিছে
১ নৱেম্বৰ, ২০১৬ আৰ বি আইয়ে নতুন দিল্লীত দ্বিতীয়টো বেংকিং লোকপাল কাৰ্যালয় খুলিছে সাম্প্ৰতিক কালছোৱাত বেংকিং পৰিগাঁথনি যথেষ্ট বৃদ্ধি হোৱা আৰু বেংকিং লোকপাল, নতুন দিল্লীৰ বৰ্তমানৰ কাৰ্যালয়ত ক্ষেত্ৰাধিকাৰৰ বৃহত্ পৰিসৰৰ বিষয়টো বিবেচনা কৰি ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক, নতুন দিল্লীত বেংকিং লোকপালৰ দ্বিতীয়টো কাৰ্যালয় স্থাপন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক, নতুন দিল্লীস্থিত প্ৰথমটো বেংকিং লোকপাল কাৰ্যালয়ৰ ক্ষেত্ৰাধিকাৰত দিল্লী আৰু জম্মু-কাশ্মীৰ পৰিব আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক, নতুন দিল্লীস্থিত দ্বিতীয়টো বেংকিং লোকপাল কাৰ্যালয়ৰ ক্ষেত্ৰাধিকাৰত হাৰিয়ানা (পাঁচকুলা, যমুনা নগৰ আৰু আম্বালা জিলা বাদে) আৰু উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু গৌতম বুদ্ধ নগৰ পৰিব। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১০৭৯ |