Page
Official Website of Reserve Bank of India
132652082
প্ৰকাশ কৰা তাৰিখ
ডিচেম্বৰ 23, 2016
আৰ বি আয়ে ৰাঁচীত বেংকিং লোকপালৰ কাৰ্যালয় স্থাপন কৰিছে
২৩ ডিচেম্বৰ,২০১৬ আৰ বি আয়ে ৰাঁচীত বেংকিং লোকপালৰ কাৰ্যালয় স্থাপন কৰিছে সম্প্ৰতি বেংকিং পৰিগাঠনি যথেষ্ট বৃদ্ধি হোৱা আৰু বৰ্তমানে পাটনাস্থিত বেংকিং লোকপাল কাৰ্যালয়ৰ পৰিক্ষেত্ৰ বৃহত হোৱাৰ বিষয়টো বিবেচনা কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং লোকপালৰ এটা কাৰ্যালয় ভাৰতীয় ৰিজাৰ্ভ বেংক, ৰাঁচীত স্থাপন কৰিছে। ভাৰতীয ৰিজাৰ্ভ বেংক, ৰাঁচীস্থিত বেংকিং লোকপাল কাৰ্যালয়ৰ কাৰ্যাধিকাৰ ক্ষেত্ৰ সমগ্ৰ ঝাৰখণ্ড ৰাজ্যত থাকিব, যি অঞ্চল ইয়াৰ আগলৈকে বেংকিং লোকপাল কাৰ্যালয়, পাটনাৰ অধীনত আছিল। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৬৪৩ |
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?