RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78521182

আৰ বি আয়ে ঘৰুৱা প্ৰণালীয়ভাৱে গুৰুত্বপূৰ্ণ বেংকবোৰৰ (D-SIBs)ৰ ২০১৮ তালিকা মুকলি কৰিছে

১৪ মাৰ্চ, ২০১৯

আৰ বি আয়ে ঘৰুৱা প্ৰণালীয়ভাৱে গুৰুত্বপূৰ্ণ বেংকবোৰৰ (D-SIBs)ৰ ২০১৮ তালিকা মুকলি কৰিছে

যোৱা বছৰৰ একেদৰে বেষ্টলীবন্ধন সংৰচনাৰ অন্তৰ্গত SBI, ICICI আৰু HDFC বেংক ঘৰুৱা প্ৰণালীয়ভাৱে গুৰুত্বপূৰ্ণ বেংক (D-SIBs) হৈ থাকে। D-SIBsৰ বাবে অতিৰিক্ত উমেহতীয়া টিয়েৰ-1 (CET1) আৱশ্যিকতাখিনি ১ এপ্ৰিল,২০১৬ৰ পৰা ইতিমধ্যে পৰ্যায়ক্ৰমিক কৰা হৈছে আৰু ১ এপ্ৰিল,২০১৯ৰ পৰা সম্পূৰ্ণকৈ কাৰ্যকৰী হব। অতিৰিক্ত CET1 আৱশ্যিকতাখিনি মূলধন সংৰক্ষণ বাফাৰৰ ওপৰঞ্চি হব।

D-SIBsৰ শেহতীয়া তালিকাখন নিম্নোক্ত ধৰণৰ-

বাকেট বেংক বিত্তীয় বৰ্ষ ২০১৮-১৯ৰ বাবে বিপদশংকা ভাৰপ্ৰাপ্ত সম্পদ (RWAs)ৰ শতাংশ হিচাপে অতিৰিক্ত উমৈহতীয়া ইকুইটী টিয়েৰ1 আৱশ্যিকতা ১ এপ্ৰিল,২০১৯ৰ পৰা প্ৰযোজ্য (পৰ্যায় ক্ৰমিক ব্যৱস্থা মতে) অতিৰিক্ত উমৈহতীয়া ইকুইটী টিয়েৰ1 আৱশ্যিকতা
- ০.৭৫ শতাংশ ১ শতাংশ
- ০.৬০ শতাংশ ০.৮০ শতাংশ
ষ্টেট বেংক অব ইণ্ডিয়া ০.৪৫ শতাংশ ০.৬০ শতাংশ
- ০.৩০ শতাংশ ০.৪০ শতাংশ
আই চি আই চি আই বেংক, এইছ ডি এফ চি বেংক ০.১৫ শতাংশ ০.২০ শতাংশ

পটভূমি

ৰিজাৰ্ভ বেংকে ঘৰুৱা প্ৰণালীয়ভাৱে গুৰুত্বপূৰ্ণ বেংকবোৰৰ (D-SIBs) বিষয়টো চোৱাচিতা কৰিবৰ কাৰণে পৰিকাঠামোখন ২২ জুলাই, ২০১৪ত জাৰি কৰিছিল। D-SIBs পৰিকাঠামো মতে D-SIBs হিচাপে মনোনীত বেংকবোৰৰ নাম ২০১৫ৰ পৰা আৰম্ভ কৰি ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিব লাগে আৰু সিবিলাকৰ প্ৰণালীয় গুৰুত্বৰ সাফল্যাংকৰ (SISs) ভিত্তিত সমূচিত আবেষ্টনীত বেংকবোৰ স্থাপন কৰিব লাগে। কোনটো D-SIBsত স্থান পাইছে তাৰ ভিত্তিত একোটা উমৈহতীয়া ইকুইটী আৱশ্যিকতা প্ৰয়োগ কৰিব লাগে। ভাৰতত শাখা থকা কোনো বিদেশী বেংক গোলকীয় প্ৰণালীয়ভাৱে গুৰুত্বপূৰ্ণ বেংক (G-SIB) হলে, তেনে বেংকে G-SIB হিচাপে, ভাৰতত তাৰ বিপদশংকা ভাৰপ্ৰাপ্ত সম্পদ (RWSA) অনুপাতে ভাৰতত ওপৰঞ্চি CET1 মূলধনী ওপৰ দিয়া অতিৰিক্ত CET1 বাফাৰ (ৰাশি)ক সংবদ্ধ গোলকীয় গ্ৰুপ বুকছ অনুযায়ী ভাৰত RWA ৰে পূৰণ কৰি মুঠ সংবদ্ধ গোলকীয় গ্ৰুপ RWAৰে হৰণ কৰি পোৱা ৰাশি ৰাখিব লাগিব।

বৰ্দ্ধিত মূলধনী আৱশ্যিকতাখিনি পৰ্যায়ক্ৰমে ১ এপ্ৰিল, ২০১৬ৰ পৰা প্ৰযোজ্য হৈছে আৰু ১ এপ্ৰিল, ২০১৯ৰ পৰা সম্পূৰ্ণকৈ কাৰ্যকৰী হব। চাৰি বছৰীয়া পৰ্যায়ক্ৰমিক অবধিত বিভিন্ন বাকেটৰ বাবে অতিৰিক্ত উমৈহতীয়া ইকুইটী আৱশ্যিকতাবোৰ নিম্নোক্তধৰণৰ –

বাকেট ১ এপ্ৰিল, ২০১৬ ১ এপ্ৰিল, ২০১৭ ১ এপ্ৰিল,২০১৮ ১ এপ্ৰিল, ২০১৯
০.২৫ শতাংশ ০.৫০ শতাংশ ০.৭৫ শতাংশ ১.০০ শতাংশ
০.২০ শতাংশ ০.৪০ শতাংশ ০.৬০ শতাংশ ০.৮০ শতাংশ
০.১৫ শতাংশ ০.৩০ শতাংশ ০.৪৫ শতাংশ ০.৬০ শতাংশ
০.১০ শতাংশ ০.২০ শতাংশ ০.৩০ শতাংশ ০.৪০ শতাংশ
০.০৫ শতাংশ ০.১০ শতাংশ ০.১৫ শতাংশ ০.২০ শতাংশ

D-SIB পৰিকাঠামোত ধাৰ্য ৰীতিৰ ভিত্তিত আৰু ৩১ মাৰ্চ, ২০১৫ আৰু ৩১ মাৰ্চ, ২০১৬ত বেংকবোৰৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত, ৰিজাৰ্ভ বেংকে ভাৰতীয় ষ্টেট বেংক আৰু ICICI বেংক লিমিটেডক যথাক্ৰমে ৩১ আগষ্ট, ২০১৫ত আৰু ২৫ আগষ্ট,২০১৬ত D-SIBs হিচাপে ঘোষণা কৰে। ৩১ মাৰ্চ, ২০১৭ পৰ্যন্ত বেংকবোৰৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত ৰিজাৰ্ভ বেংক, ICICI বেংক লিমিটেড HDFC বেংক লিমিটেডক D-SIBs হিচাপে ঘোষণা কৰে। ৩১ মাৰ্চ,২০১৮ পৰ্যন্ত বেংকবোৰৰ পৰা পোৱা তথ্যবোৰৰ ভিত্তিত বৰ্তমানৰ শেহতীয়া তথ্যখিনি সন্নিৱিষ্ট।

অধিকন্তু, D-SIB পৰিকাঠামোৰ আৱশ্যিকতাখিনি হল যে বেংকবোৰৰ প্ৰণালীয় গুৰুত্ব নিৰূপণ আৰু D-SIBs হিচাপে চিনাক্তকৰণৰ মূল্যায়ন ৰীৰিত নিয়মীয়া ভিত্তিত পৰ্যালোচনা কৰি থকা হব। অৱশ্যে এনে পুনৰীক্ষণ তিনি বচৰত কমেও এবাৰকৈ হব। বৰ্তমানৰ পুনৰীক্ষণ আৰু আন্তঃদেশীয় প্ৰথাৰ বিশ্লেষণৰ বেলিকা বৰ্তমান প্ৰচলিত পৰিকাঠামোৰ সালসলনি প্ৰযোজ্য নহয়।

জোছ জে কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৮-১৯/২১৯১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?