আৰ বি আইৰ ডি ই এ ফাণ্ড কমিটীয়ে জমাকাৰীৰ সজাগতা - আৰবিআই - Reserve Bank of India
আৰ বি আইৰ ডি ই এ ফাণ্ড কমিটীয়ে জমাকাৰীৰ সজাগতা কাৰ্যসূচীৰ বাবে আৰু অধিক পাঁচটা সত্তাক অনুমোদিত কৰিছে
২১ ডিচেম্বৰ,২০১৬ আৰ বি আইৰ ডি ই এ ফাণ্ড কমিটীয়ে জমাকাৰীৰ সজাগতা কাৰ্যসূচীৰ বাবে আৰু অধিক পাঁচটা জমাকাৰীৰ শিক্ষা আৰু সজাগতা পুঁজি কমিটীয়ে পঞ্জীকৰণৰ বাবে অনুমোদিত কৰা অতিৰিক্ত পাঁচটা সত্তাৰ নাম ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি মুকলি কৰিছে। অনুমোদিত সত্তা পাঁচটাৰ নাম হল-
এই পুঁজিৰ পৰা প্ৰকল্প নিৰ্দিষ্ট বিত্তীয় সাহায্যৰ বাবে সকলো সংশ্লিষ্ট তথা সমৰ্থক নথি/তথ্য সহ ইয়াৰ ৱেবছাইটত উপলব্ধ নিৰ্দিষ্ট ফৰমেটত আবেদন কৰিবলৈ পঞ্জীভুক্ত সত্তাসমূহকো ৰিজাৰ্ভ বেংকে অনুৰোধ কৰিছে। ৰিজাৰ্ভ বেংকৰ আভ্যন্তৰীণ গোট এটাই বাচ-বিচাৰ কৰাৰ পাছত তিনিগৰাকী বাহিৰা সদস্য থকা ডি ই এ পুঁজি কমিটীয়ে মূল্যায়ন কৰি বাচনি প্ৰক্ৰিয়া সম্পন্ন কৰিব। ন্যূনতম যোগ্যতা মাপকবোৰ, পূৰ্ব অভিজ্ঞতাৰ ৰেকৰ্ড আৰু জমাকাৰীৰ শিক্ষণ, গ্ৰাহক সজাগতা তথা গ্ৰাহক সুৰক্ষা আৰু জমাকাৰীৰ সজাগতা কাৰ্যসূচী সম্পাদনৰ সামৰ্থ্য বিচাৰেৰে আবেদনসমূহ বাছনি কৰা হৈছে। স্মৰণযোগ্য যে ডি ই এ পুঁজিৰ পৰা বিত্তীয় সাহায্যৰ মঞ্জুৰি বিচাৰি জনোৱা আবেদনসমূহৰ মাজৰ পৰা ১ অক্টোবৰ,২০১৫ত ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০টা সত্তাক পঞ্জীভুক্ত কৰিছিল। Press Release dated October 8, 2015 যোগে অৰ্হতাসম্পন্ন ব্যক্তিসকলৰ পৰা দ্বিতীয়টো খেপৰ বাবে পঞ্জীকৰণৰ কাৰণে আবেদনপত্ৰ বিচৰা হৈছিল। (অজিত প্ৰসাদ) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৬১৮ |