RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78475846

ভাৰতীয় ৰিজাৰ্ভ বেংক মুদ্ৰা সংগ্ৰহালয়ৰ মহীশুৰ মুদ্ৰাৰ বিশেষ প্ৰদৰ্শনী

২৮ আগষ্ট,২০১৫

ভাৰতীয় ৰিজাৰ্ভ বেংক মুদ্ৰা সংগ্ৰহালয়ৰ মহীশুৰ মুদ্ৰাৰ বিশেষ প্ৰদৰ্শনী

২০ আগষ্ট ,২০১৫ তাৰিখে ৰিজাৰ্ভ বেংক মুদ্ৰা সংগ্ৰহালয়ে মহীশুৰ মুদ্ৰাৰ এক বিশেষ প্ৰদৰ্শনী উদ্বোধন কৰে ।কাৰ্য্যবাহী নিদেশক ডঃ দিপালী পন্ট যোশীয়ে এই বিশেষ প্ৰদৰ্শনী উদ্বোধন কৰে । মহীশুৰ মুদ্ৰাৰ ওপৰত যুগোতোৱা ২০ পৃষ্ঠা যুক্ত তথ্যসমৃদ্ধ পুস্তিকা এখনও এই প্ৰদৰ্শনীতে উন্মোচিত হয় । কাৰ্য্যবাহী নিদেশক ইউ.এস্.পালিৱাল,ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় নিদেশকমন্ডলীৰ মুখ্য নিদেশক প্ৰফেচাৰ দামোদৰ আচাৰ্য্য আৰু মুম্বাই কাৰ্যালয়ৰ মুখ্য নিদেশক শ্ৰীএস্. ৰামস্ৱামীও উপস্থিত থাকে।


ভাৰতীয় ৰিজাৰ্ভ বেংক মুদ্ৰা সংগ্ৰহালয়ৰ মহীশুৰ মুদ্ৰাৰ বিশেষ প্ৰদৰ্শনী

এই প্ৰদৰ্শনীত দেখুওৱা মহীশুৰৰ ১১২ বিধ মুদ্ৰা (১৩ বিধ সোনৰ , ৬ বিধ ৰুপৰ আৰু ৯৩ বিধ তামৰ্) যিবোৰ মহীশুৰৰ বুৰন্জীৰ খৃষ্টাব্দ ১৫৬৫ ত হোৱা টালিকোটা যুদ্ধৰ পিছৰপৰা প্ৰায় চাৰিশ বছৰলৈ প্ৰচলিত আছিল। মহীশূৰৰ উদিয়াৰসকল্, হাইদৰ আলি আৰু টিপু চুলতানৰ সময়ত প্ৰচলিত মুদ্ৰাসমুহে এই প্ৰদৰ্শনীত অধিক গুৰুত্ব লাভ কৰে । মহীশুৰৰ শাসক সকলৰ সময়ত বহুসংখ্যক সোনৰ মুদ্ৰা পোৱা গৈছিল । কান্তিৰাভা নৰচাৰায়া সৰ্বপ্ৰথম ৰজা আছিল যিয়ে যথাক্ৰমে ০.৩৫ গ্ৰাম ওজনৰ কান্তিৰাভা বৰহা আৰু ১.৭ গ্ৰাম ওজনৰ অৰ্ধ বৰহা য্’ত এফালে লক্ষ্মী নৰসিংহৰ আৰু আন ফালে তিনিশাৰীৰ নগৰীবাহিনী আৰু নিজৰনাম থকা মুদ্ৰা তৈয়াৰ কৰিছিল । তেওঁ এফালে নিজৰনাম থকা আৰু আনফালে নৰসিংহ থকা মুদ্ৰাও প্ৰচলন কৰিছিল ।পিচত দিৱান পূৰ্ণিয়াই ৰজা কৃষ্নৰাজা তৃতীয় (খৃষ্টাব্দ ১৭৯৯-১৮৩২)ৰ সময়ত গিড্ডা কান্তিৰাভা পানাম (গিড্ডা মানে ডাঠ)মুদ্ৰা পুনৰ প্ৰচলন কৰে। এই ধাৰাটি হাইদৰ আলি আৰু টিপু চুলতানৰ সময়লৈ প্ৰচলিত আছিল।

এই বিষয়ে অধিক জানিবলৈ আৰু চাবলৈ হলে ৰিজাৰ্ভ বেংক মুদ্ৰা সংগ্ৰহালয়ৰ তলত দিয়া ঠিকনাত যোগাযোগ কৰিব পাৰে: অমৰ বিল্ডিং (১ম মহলা)

চাৰ পি.এম্.পথ
ফোৰ্ট, মুম্বাই-৪০০০০১
সময় : ১০:৪৫ বজাৰ পৰা ১৫:১৫(মংগলবাৰৰ পৰা দেওবাৰ্)
সোমবাৰ আৰু বেংকৰ আনবোৰ বন্ধৰ দিনত সংগ্ৰহালয় বন্ধ থাকিব।

আল্পনা কিল্লাৱালা
প্ৰধান মুখ্য মহাপ্ৰবন্ধক

প্ৰেছ বিগ্গপ্তি : ২০১৫-১৬ / ৫১৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?