আৰ বি আইয়ে তদাৰকী সহযোগ আৰু তদাৰকী তথ্যৰ বিনিময়ৰ ক্ষেত্ৰত বেংকিং ৰেগুলেশ্যন এণ্ড চুপাৰভিজন এজেন্সি, তুৰস্কৰ সৈতে বুজাবুজিৰ চুক্তি (এম অ ইউ)ত স্বাক্ষৰ কৰিছে
২১ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে তদাৰকী সহযোগ আৰু তদাৰকী তথ্যৰ বিনিময়ৰ ক্ষেত্ৰত বেংকিং ৰেগুলেশ্যন এণ্ড চুপাৰভিজন এজেন্সি, তুৰস্কৰ সৈতে বুজাবুজিৰ চুক্তি (এম অ ইউ)ত স্বাক্ষৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে তুৰস্ক গণৰাজ্যৰ বেংকিং ৰেগুলেশ্যন এণ্ড চপাৰভিজন এজেন্সিৰ সৈতে তদাৰকী সহযোগ আৰু তদাৰকী তথ্যৰ বিনিময় সম্পৰ্কত এখন বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। বেংকিং ৰেগুলেশ্যন এণ্ড চুপাৰ ভিজন এজেন্সিৰ উপাধ্যক্ষ মিষ্টাৰ মেহমেট ইৰফান কুৰ্ট আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ কাৰ্যবাহী সঞ্চালক শ্ৰী মতী মীনা হেমচন্দ্ৰই এম অ ইউত স্বাক্ষৰ কৰে। ৰিজাৰ্ভ বেংকে অধিকতৰ সহযোগিতা আৰু তদাৰকী তথ্য বিনিময় বৃদ্ধি কৰাৰ অৰ্থে কেবাখনো দেশৰ সৈতে বুজাপৰাৰ চুক্তি, তদাৰকী সহযোগৰ পত্ৰ আৰু কেইখনমান দেশৰ তদাৰকসকলৰ সৈতে সহযোগিতাৰ বিবৃতি সম্পাদন কৰিছে। ইয়াকে ধৰি আৰ বি আইয়ে ৩৫খন এনে এম অ ইউ, তদাৰকী সহযোগিতাৰ এখন পত্ৰ আৰু এক সহযোগিতা বিবৃতিত স্বাক্ষৰ কৰিলে। (অজিত প্ৰসাদ) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৬০৮ |