“চুপাৰভাইজৰী ক’-অপাৰেশ্যন এণ্ড একচেঞ্জ অব চুপাৰভাইজৰী ইনফৰ্মেশ্যন” সম্পৰ্কে আৰ বি আয়ে চেন্ট্ৰেল বেংক অব নাইজেৰিয়াৰ সৈতে বুজাপৰাৰ চুক্তি (এম অ’ ইউ) স্বাক্ষৰ কৰিছ
২২ মাৰ্চ, ২০১৭ “চুপাৰভাইজৰী ক’-অপাৰেশ্যন এণ্ড একচেঞ্জ অব চুপাৰভাইজৰী ইনফৰ্মেশ্যন” সম্পৰ্কে আৰ বি আয়ে চেন্ট্ৰেল বেংক অব নাইজেৰিয়াৰ সৈতে বুজাপৰাৰ চুক্তি (এম অ’ ইউ) স্বাক্ষৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, চেণ্ট্ৰেল বেংক অব নাইজেৰিয়াৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় এক পাৰস্পৰিক বুজাপৰাৰ চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে। চেণ্ট্ৰেল বেংক অব নাইজেৰিয়াৰ হৈ গৱৰ্ণৰ শ্ৰী গডৱিন এমিফিয়েলেই আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ গৱৰ্ণৰ ড০ উৰজিত্ আৰ. পেটেলে এম অ’ ইউখনত স্বাক্ষৰদান কৰে। ৰিজাৰ্ভ বেংকে অধিকতৰ সহযোগিতা বৃদ্ধি আৰু তদাৰকী তথ্যৰ আদান-প্ৰদানৰ উদ্দেশ্যে কেবাখনো দেশৰ তদাৰকসকলৰ সৈতে পাৰস্পৰিক বুজাপৰা, তদাৰকী সহযোগিতা পত্ৰ আৰু সহযোগিতা প্ৰবিৱৰণ সম্পাদন কৰিছে। এইখনকে ধৰি আৰ বি আয়ে ৩৭খন এনে এম অ’ ইউ, এখন তদাৰকী সহযোগিতা পত্ৰ আৰু এখন সহযোগিতা প্ৰবিৱৰণ স্বাক্ষৰ কৰিলে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫২৭ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: