আৰ বি আইয়ে ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে
১৮ এপ্ৰিল,২০১৭ আৰ বি আইয়ে ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে। ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ হৈ ডেপুটী গৱৰ্ণৰ শ্ৰী ফাজো দৰ্জীয়ে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ ডেপুটী গৱৰ্ণৰ শ্ৰী এছ এছ মুন্দ্ৰাই এম অ’ ইউখনত স্বাক্ষৰ দান কৰে। ৰিজাৰ্ভ বেংকে অধিকতৰ সহযোগিতা আৰু তদাৰকী তথ্য বিনিময়ৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে কেইবাখনো দেশৰ তদাৰকসকলৰ সৈতে বুজাপৰাৰ চুক্তি, তদাৰকী সহযোগিতা পত্ৰ আৰু সহযোগিতা প্ৰবিৱৰণ সম্পাদন কৰিছে। এইখনকে ধৰি আৰ বি আয়ে ৩৯খন এনে এম অ’ ইউ, এখন তদাৰকী সহযোগিতা পত্ৰ আৰু এখন সহযোগিতা প্ৰবিৱৰণত স্বাক্ষৰ কৰিলে। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮০৮ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: