RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78502453

আৰ বি আয়ে ১০০ টকা মুদ্ৰাবৰ্গীয় নতুন আৰ্হিৰ বেংকনোট জাৰি কৰিব

১৯ জুলাই, ২০১৮

আৰ বি আয়ে ১০০ টকা মুদ্ৰাবৰ্গীয় নতুন আৰ্হিৰ বেংকনোট জাৰি কৰিব

ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত, মহাত্মা গান্ধী (নতুন) শৃংখলাত ১০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব। নতুন মুদ্ৰাবৰ্গৰ নোটবোৰৰ পিঠিফালে দেশৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা ‘ৰাণী কী ভভ’ৰ অলংকৰণ নক্সা আছে। নোটৰ আধাৰ ৰং হৈছে পাতল বেঙুনীয়া। নোটৰ সমুখ আৰু পিঠি উভয়ফালে, সামগ্ৰিক ৰং বিন্যাসৰ সৈতে ৰজিতা খোৱাকৈ অন্যান্য আৰ্হি আৰু জ্যামিতীয় প্ৰতিদৰ্শ আছে।

পূৰ্বৰ শৃংখলাবোৰত ৰিজাৰ্ভ বেংকে জাৰি কৰা ১০০ টকা মুদ্ৰাবৰ্গৰ সকলোবোৰ বেংকনোট বৈধ মুদ্ৰা হৈ থাকিব।

স্বাভাৱিকতে যেতিয়া নতুন আৰ্হিৰ বেংকনোট প্ৰৱৰ্তন কৰা হয় বেংকিং প্ৰণালীৰ জৰিয়তে ৰাইজক বিতৰণৰ বাবে ইয়াৰ মুদ্ৰণ আৰু যোগান ক্ৰমান্বয়ে বাঢ়ি থাকিব।

মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ১০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট প্ৰতিৰূপ আৰু মূল বৈশিষ্ট্যবোৰ নিম্নোক্ত ধৰণৰ-

১. প্ৰতিৰূপ


সমুখফাল

২. মূল বৈশিষ্ট্যবোৰ

১. মুদ্ৰাবৰ্গীয় সংখ্যা 100 সহকাৰে অৱলোকী নিবন্ধন

২. মুদ্ৰাবৰ্গীয় সংখ্যা ১০০ সহকাৰে সুপ্ত প্ৰতিৰূপ

৩. মুদ্ৰাংকীয় সংখ্যা १०० দেবনাগৰীত।

৪. কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিকৃতি

৫. সুক্ষ্মাক্ষৰসমূহ RBI, भारत, INDIA আৰু 100।

৬. ৰং সলনি হোৱাকৈ भारत আৰু RBI অংকিত উইণ্ডড ধাতববৰ্জিত সুৰক্ষা সূতা; নোটখন হেলনীয়া কৰিলে সূতাডালৰ ৰং সেউজীয়াৰ পৰা নীলা হৈ পৰে।

৭. মহাত্মা গান্ধী প্ৰতিকৃতিৰ সোঁপিনে নিশ্চয়তা স্বৰ্ত্ত, প্ৰতিশ্ৰুতি স্বৰ্ত্ত সহ গৱৰ্ণৰৰ স্বাক্ষৰ আৰু RBI প্ৰতীক।

৮. সোঁপিনে অশোক স্তম্ভ প্ৰতীক।

৯. মহাত্মা গান্ধী প্ৰতিকৃতি আৰু ইলেক্ট্ৰটাইপ (100) ৱাটাৰমাৰ্ক।

১০. শীৰ্ষৰ বাওঁপিনে আৰু তলৰ সোঁপিনে সৰুৰ পৰা ক্ৰমে ডাঙৰ হৈ অহা সংখ্যাসমষ্টি সহ সংখ্যা সূচী।

১১. দৃষ্টিশক্তি অক্ষমৰ বাবে মহাত্মা গান্ধীৰ প্ৰতিকৃতি, অশোক স্তম্ভ প্ৰতীকৰ মুদ্ৰাংকন বা উথ্বিত ছাপ, অনু পাঠ 100 সহকাৰে উথ্বিত ত্ৰিকোণী চিনাক্তকৰণ চিহ্ন, সোঁ আৰু বাওকাষে চাৰিডাল কোণীয়া ব্লিডিং লাইন।

পিঠিফাল

১২. বাঁওপিনে নোটৰ ছপাবৰ্ষ

১৩. শ্লোগানসহ স্বচ্ছ ভাৰতৰ প্ৰতীক

১৪. ভাষা সূচী

১৫. ‘ৰাণী কী ভভ’ৰ অলংকৰণ নক্সা

১৪. মুদ্ৰাবৰ্গীয় १०० দেবনাগৰীত।

জোছ জে কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৮-১৯/১৭৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?