বাল্লি কো-অপাৰেটিভ বেংক লিমিটেড, বাল্লি, হাওড - আৰবিআই - Reserve Bank of India
বাল্লি কো-অপাৰেটিভ বেংক লিমিটেড, বাল্লি, হাওড়া, পৰিশ্চম বংগত আৰোপিত নিৰ্দেশনা আৰ বি আইয়ে প্ৰত্যাহাৰ কৰিছে
১৩ ডিচেম্বৰ, ২০১৬ বাল্লি কো-অপাৰেটিভ বেংক লিমিটেড, বাল্লি, হাওড়া, পৰিশ্চম বংগত আৰোপিত নিৰ্দেশনা ভাৰতীয় ৰিজাৰ্ভ বেংকে ৬ নৱেম্বৰ, ২০০৬ নিৰ্দেশযোগে বেংকিং বিনিয়ম আইন,১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৫৬ সমন্বিতে ধাৰা ৩৫কৰ অন্তৰ্গত বাল্লি কো-অপাৰেটিভ বেংক লিমিটেড, বাল্লি, হাওড়া, পশ্চিম বংগক নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনা ১৪ নৱেম্বৰ,২০০৬ পৰ্যন্ত আৰু সময়ে সময়ে কৰিবলগা পুনৰীক্ষণ সাপেক্ষে কাৰ্যকৰী কৰা হৈছিল। ৰিজাৰ্ভ বেংকে, ৰাজহুৱা স্বাৰ্থত এনে কৰাটো আৱশ্যক বুলি সন্তুষ্ট হৈ, বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৫৬ সমন্বিতে ধাৰা ৩৫কৰ উপধাৰা (২)ৰ অধীনত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি, বাল্লি কো-অপাৰেটিভ বেংক লিমিটেড, বাল্লি, হাওড়া, পশ্চিম বংগক জাৰি কৰা উক্ত নিৰ্দেশনা ইয়াৰ দ্বাৰা প্ৰত্যাহাৰ কৰিছে। অৱশ্য়ে বেংকটো কাৰ্যপৰিচালনা দিহাৰ অধীনত পৰিচালিত হৈ থাকিব। (আল্পনা কিল্লাৱালা) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫০৫ |