RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78489416

এন চি এফ ইৰ এন এফ এল এ টিৰ বাবে পঞ্জীকৰণ মুকলি (ৰাষ্ট্ৰীয় বিত্তীয় সাক্ষৰতা মূল্যায়ন পৰীক্ষা)

১৮ অক্টোবৰ, ২০১৬

এন চি এফ ইৰ এন এফ এল এ টিৰ বাবে পঞ্জীকৰণ মুকলি
(ৰাষ্ট্ৰীয় বিত্তীয় সাক্ষৰতা মূল্যায়ন পৰীক্ষা)

ৰাষ্ট্ৰীয় বিত্তীয় শিক্ষা কেন্দ্ৰৰ ৰাষ্ট্ৰীয় বিত্তীয় সাক্ষৰতা মূল্যায়ন পৰীক্ষাৰ বাবে ১৫ অক্টোবৰ,২০১৬ৰ পঞ্জীকৰণ আৰম্ভ হৈছে। নেশ্যনেল ইনষ্টিটিউট অব চিকিউৰিটীজ মাৰ্কেট (এনআইএছএম), নবী মুম্বাইয়ে ৰাষ্ট্ৰীয় বিত্তীয় সাক্ষৰতা মূল্যায়ন পৰীক্ষাত অংশগ্ৰহণৰ বাবে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে।

এই পৰীক্ষা অনলাইন (পৰ্যাপ্ত আইটি সুবিধা আৰু ইণ্টাৰনেট সংযোগ থকা বিদ্যালয়ৰ ভিতৰতে) আৰু অফলাইনযোগে (কাগজ-কলম লৈ স্কুলৰ ভিতৰতে) পতা হব। পৰীক্ষা দুটা বৰ্গত অনুষ্ঠিত হব; এনএফএলএটি জুনিয়ৰ (ষষ্ঠৰ পৰা অষ্টম) আৰু এনএলএফএটি (নৱম আৰু দশম)।

স্কুলবিলাকে অনলাইনযোগে পঞ্জীকৰণ কৰিব লাগিব। স্কুল পঞ্জীকৰণৰ পাছত ছাত্ৰ-ছাত্ৰী পঞ্জীয়ন সংশ্লিষ্ট স্কুলবোৰে কৰিব। স্কুলবিলাকৰ ইচ্ছামতে অনলাইন বা অফলাইন পদ্ধতিৰে হব। স্কুলবিলাকে নিজৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা নিৰীক্ষণ কৰিব লাগিব। অনলাইন/অফলাইন পৰীক্ষাৰ বাবে আৱশ্যকীয় সাহায্য এনচিএফই/এনআইএছএম দলে আগবঢ়াব।

এনচিএফই ৱেবছাইট http://www.ncfeindia.org.nflat লিংক অনুসৰণ কৰি বিদ্যালয়বিলাকে নামভৰ্তি কৰিব পাৰিব।

গুৰুত্বপূৰ্ণ তাৰিখবোৰ-
  অনলাইন পৰীক্ষা অফলাইন পৰীক্ষা
পঞ্জীকৰণ মুকলি ১৫ অক্টোবৰ,২০১৬ ১৫ অক্টোবৰ,২০১৬
পঞ্জীকৰণ সামৰণি ২২ নৱেম্বৰ, ২০১৬ ২২ নৱেম্বৰ, ২০১৬
প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ তাৰিখ ২৫ নৱেম্বৰ,২০১৬ৰ পৰা ৭ জানুৱাৰী, ২০১৭ ১ ডিচেম্বৰ,২০১৬ৰ পৰা ১০ ডিচেম্বৰ,২০১৬**
দ্বিতীয় পৰ্যায় – আঞ্চলিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতা ১ ফেব্ৰুৱাৰী, ২০১৭ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০১৭লৈ
*অনলাইন পৰীক্ষা পৰ্যাপ্ত আই টি আৰু এনএফএলএটি আন্তঃগাঁথনি আৰু ইণ্টাৰনেট সংযোগ থকা বিদ্যালয়ত হব।
**অফলাইন পৰীক্ষা সংশ্লিষ্ট বিদ্যালয়ত কাগজ-কলম লৈ অনুষ্ঠিত হব।

এনএফএলএটি আৰু এনএফএলএটি জুনিয়ৰ পৰীক্ষা ৬০ মিনিটৰ হব আৰু ক্ৰমে ৭৫টা আৰু ৫০টা প্ৰশ্ন থাকিব। ইংৰাজী আৰু হিন্দী উভয় ভাষাতে পৰীক্ষা অনুষ্ঠিত হব। পাঠ্যক্ৰম সবিশেষ এনচিএফই ৱেবছাইটত পাব।

পুৰস্কাৰ

ৰাষ্ট্ৰীয় স্কুল বিজেতাক (শীৰ্ষ ৩খন বিদ্যালয়) প্ৰতিটোতে নগদ ৩৫,০০০ টকাকৈ আৰু একোখন শ্বীল্ড, আঞ্চলিক বিজেতা ছাত্ৰ-ছাত্ৰীক (যুটী ১+১) (সেই বিদ্যালয়ৰ) প্ৰমাণপত্ৰ, পদক আৰু লেপটপেৰে সম্বৰ্ধিত কৰা হব।

আঞ্চলিক স্কুল বিজেতাক (প্ৰতি মণ্ডলৰ শীৰ্ষ ৩খন বিদ্যালয়) নগদ ২৫,০০০ টকাকৈ আৰু একোখন শ্বীল্ড, আঞ্চলিক বিজেতা ছাত্ৰ-ছাত্ৰীক (যুটী ১+১) প্ৰমাণপত্ৰ, পদক আৰু টেবলেট/কাইন্দলছেৰে সম্বৰ্ধিত কৰা হব।

অধিক তথ্যৰ বাবে তলৰ সৈতে যোগাযোগ কৰক-

নেচনেল ইনষ্টিটিউট অব চিকিউৰিটী মাৰ্কেট

এন আই এছ এম ভৱন, প্লট নং-৮২, চেক্টৰ-১৭,

ৱাচি, নবী মুম্বাই-৪০০৭০৩। ফোন- ০২২-৬৬৭৩৪৬০০-০২/ইমেইলঃ nflat@nism.ac.in ৱেবছাইট- www.ncfeindia.org.in, www.nism.ac.in

পৃষ্ঠভূমি

নেচনেল ইনষ্টিটিউট অব চিকিউৰিটী মাৰ্কেট (এন আই এছ এম)ক বিত্তীয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় কৌশলৰ ৰূপায়ণৰ কাৰণে নডেল এজেন্সি হিচাপে চিনাক্ত কৰা হৈছে। এই উদ্দেশ্যে এনআইএছএময়ে ভাৰতত বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰকসকলৰ সমৰ্থনত নেচনেল চেণ্টাৰ ফৰ ফাইনেন্সিয়েল এডুকেশ্যন (এনচিএফই) স্থাপন কৰিছে। নিয়ন্ত্ৰকসকল হল- ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই), চিকিউৰিটীজ এণ্ড এক্সচেঞ্জ বৰ্ড অব ইণ্ডিয়া (এছইবিআই), ইনচিউৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটী অব ইণ্ডিয়া (আইআৰডিএ) আৰু পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটী (পিএফআৰডিএ)। ইয়াৰ উদ্দেশ্য হল ভাৰতত সহযোগিতামূলক প্ৰচেষ্টাৰে বিত্তীয় শিক্ষা আৰু সৰ্বাত্মকতা ত্বৰান্বিত কৰা।

এই দিশত এনচিএএফইৰ ৰাষ্ট্ৰীয় বিত্তীয় সাক্ষৰতা মূল্যায়ন পৰীক্ষা হল অন্যতম পদক্ষেপ। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰি এনচিএফইয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক (ষষ্ঠৰ পৰা দশম শ্ৰেণী) বিত্তৰ ধ্যান-ধাৰণা লবলৈ আৰু তেওঁলোকৰ বিত্তীয় সজাগতা নিৰূপণ কৰাবলৈ প্ৰণোদিত কৰাৰ পৰিকল্পনা লৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে কুমলীয়া বয়সতে গুৰুত্বপূৰ্ণ জীৱন শৈলীবোৰ আহৰণ কৰি পাছত সুস্থ বিত্তীয় সিদ্ধান্ত লব পৰা হয়গৈ।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/৯৫৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?