RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78497025

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোট বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ ৰিপৰ্টিং আৰু মণিটৰিং

আৰবিআই/২০১৬-১৭/১২৫
ডিচিএম (পিএলজি) নং ১২৬৪/১০.২৭.০০/২০১৬-১৭

১১ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়,

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোট বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ ৰিপৰ্টিং আৰু মণিটৰিং

অনুগ্ৰহ কৰি বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংক নোটৰ পৰা বৈধ মুদ্ৰা বিশিষ্টাখিনি প্ৰত্যাহাৰ বিষয়ক আমাৰ চাৰ্কুলাৰ ডিচিএম (পিএলজি) নং ১২৬৪/১০.২৭.০০/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰ,২০১৬ৰ দফা ৪ (ৰিপৰ্টিং মেকানিজিম) উনুকিয়াওক যাৰ সাপেক্ষে বেংকবিলাকে নিৰ্দিষ্ট বেংকনোট বিনিময়ৰ ক্ষেত্ৰত আৰবিআইক দৈনিক স্থিতি প্ৰতিবেদিত কৰিব লাগে। এই সন্দৰ্ভত বেংকসমূহক এইটোও জনোৱা হল যে প্ৰতিবেদনত নগদ বিনিময় আৰু একাউণ্টত জমাভুক্তি তথ্যও থাকিব লাগিব। বেংকবিলাকে জাল নোট চিনাক্তকৰণৰ বিষয়েও দৈনিক ৰিপৰ্ট কৰিব লাগিব। সেই অনুসাৰে সংলগ্ন পত্ৰ ৬ আৰু ৬(ক) সংশোধিত কৰি লগত দিয়া হল। একত্ৰিত ৰিপৰ্ট -৬ক পৰৱৰ্ত্তী দিনৰ ব্যৱসায় সামৰণিৰ অন্তত ই-মেইল কৰিব লাগিব।

২. অদ্যোপৰি ওপৰোক্ত চাৰ্কুলাৰ দফা ৮ৰ সন্দৰ্ভত নডেল অফিচাৰৰ যোগাযোগ সবিশেষ ই-মেইল যোগে ১১ নৱেম্বৰ,২০১৬ৰ ব্যৱসায় সামৰণিত তলৰ ফৰমেটত দাখিল কৰিবলৈ কোৱা হল-

বেংকৰ নাম নডেল অফিচাৰৰ নাম টেলিফোন নম্বৰ ফেক্স নং মোবাইল নং মেইল আই ডি
           

(এক্সেল ফৰমেটত দাখিল কৰিব লগা)

আপোনাৰ বিশ্বাসী

(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?