RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78521154

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৩৬টা বেংকক অৰ্থদণ্ড বিহিছে

৮ মাৰ্চ, ২০১৯

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৩৬টা বেংকক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, SWIFT সম্পৰ্কীয় পৰিচলন নিয়ন্ত্ৰণৰ সময় সাপেক্ষ ৰূপায়ণ আৰু শক্তিশালীকৰণ সন্দৰ্ভত আৰ বি আয়ে জাৰি কৰা বিভিন্ন নিৰ্দেশনাৰ অনানুপালনৰ বাবে, ৩১ জানুৱাৰী ২০১৯ আৰু ২৫ ফেব্ৰুৱাৰী, ২০১৯ দিনাংকৰ আদেশযোগে নিম্নোক্ত ৩৬টা বেংকক অৰ্থদণ্ড বিহিছে-

ক্ৰমিক নম্বৰ বেংকটোৰ নাম দণ্ডৰ পৰিমাণ
(নিযুত টকাত)
বেংক অব বৰোডা ৪০
কেথলিক ছিৰিয়ান বেংক লিমিটেড ৪০
চিটি বেংক এন.এ. ৪০
ইণ্ডিয়ান বেংক ৪০
কৰ্ণাটকা বেংক লিমিটেড ৪০
বি এন পি পৰিবাছ ৩০
চিটি ইউনিয়ন বেংক লিমিটেড ৩০
ইণ্ডিয়ান অভাৰচীজ বেংক ৩০
ইউকো বেংক ৩০
১০ ইউনিয়ন বেংক অব ইণ্ডিয়া ৩০
১১ ইউনাইটেড বেংক অব ইণ্ডিয়া ৩০
১২ এলাহাবাদ বেংক ২০
১৩ বেংক অব মহাৰাষ্ট্ৰ ২০
১৪ কানাড়া বেংক ২০
১৫ ডি চি বি বেংক লিমিটেড ২০
১৬ ডেনা বেংক ২০
১৭ জম্মু এণ্ড কাশ্মীৰ বেংক লিমিটেড ২০
১৮ অৰিয়েণ্টেল বেংক অব কমাৰ্চ ২০
১৯ চিণ্ডিকেট বেংক ২০
২০ বেংক অব এমেৰিকা এন.এ. ১০
২১ বাৰ্কলেইজ বেংক পি এল চি ১০
২২ চেণ্ট্ৰেল বেংক অব ইণ্ডিয়া ১০
২৩ কৰ্পোৰেশ্যন বেংক ১০
২৪ ডি বি এছ বেংক লিমিটেড ১০
২৫ ডিউটছে বেংক এ.জি. ১০
২৬ হংকং এণ্ড চাংহাই বেংকিং কৰ্পোৰেশ্যন লিমিটেড ১০
২৭ আই চি আই চি আই বেংক লিমিটেড ১০
২৮ আই ডি বি আই বেংক লিমিটেড ১০
২৯ ইণ্ডাচইণ্ড বেংক লিমিটেড ১০
৩০ জে পি মৰ্গেন চেজ বেংক এন এ. ১০
৩১ কাৰুৰ বাইছ্যাং বেংক লিমিটেড ১০
৩২ পাঞ্জাৱ এণ্ড সিন্ধ বেংক ১০
৩৩ ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক ১০
৩৪ ষ্টেট বেংক অব ইণ্ডিয়া ১০
৩৫ তামিলনাড মাৰ্কেণ্টাইল বেংক লিমিটেড ১০
৩৬ য়েছ বেংক লিমিটেড ১০

আৰ বি আয়ে জাৰি কৰা উপৰিউক্ত নিৰ্দেশনাসমূহ মানি চলাত ওপৰোক্ত বেংককেইটা ব্যৰ্থ হোৱাটো বিবেচনা কৰি, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা 47 A(1)(c) সহ ধাৰা 46(4)(i)ৰ প্ৰাৱধান মতে আৰ বি আই প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই দণ্ড আৰোপ কৰা হৈছে। এই কাৰ্যব্যৱস্থা নিয়ামন অনুপালনৰ বিচ্যুতি ভিত্তিক আৰু বেংককেইটাই নিজ নিজ গ্ৰাহকৰ সৈতে সম্পাদন কৰা কোনো লেনদেন বা চুক্তিৰ বৈধতা সম্পৰ্কে বিজ্ঞাপিত কৰাৰ অভিপ্ৰায়েৰে নহয়।

পটভূমি

৫০টা প্ৰধান বেংকৰ SWIFT সম্পৰ্কীয় পৰিচলন নিয়ন্ত্ৰণৰ ৰূপায়ণ তথা শক্তিশালীকৰণ সন্দৰ্ভত আৰ বি আইৰ নিৰ্দেশনাবোৰৰ অনুপালনৰ মূল্যায়ন কৰা হয় যিটোৱে প্ৰকাশ কৰে যে বেংকসমূহে (i) SWIFT পৰিবেশত পোনপটীয়া প্ৰদান বাৰ্তা সৃষ্টি কৰা (ii) চি বি এছ/একাউণ্টিং প্ৰণালী আৰু SWIFT প্ৰণালীৰ মাজত ষ্ট্ৰেইট থ্ৰু প্ৰচেছিং (STP)ৰ ৰূপায়ণ, (iii) CBSত লেনদেন এণ্টাৰ/পাছিং/কৰ্তৃত্ব প্ৰদানকাৰী ব্যৱহাৰকাৰীসকল যে SWIFT পৰিবেশত পৰিচলন কৰাসকলতকৈ সুকীয়া নিশ্চিত কৰা, (iv) SWIFTৰ পৰা চি বি এছ/ গণনা প্ৰণালীৰে অতিক্ৰম কৰা অনুৰূপ প্ৰৱিষ্টি সহকাৰে ওলোৱা পৰিচলন বৃত্তান্তবোৰ স্বতন্ত্ৰৰীয়াকৈ সমিলমিল কৰা, (v) নিৰ্দিষ্ট এটা সীমা অতিক্ৰম কৰা সকলো প্ৰদান বাৰ্তাৰ বাবে অনুমোদনৰ অতিৰিক্ত প্ৰলেপ এটা প্ৰৱৰ্তন কৰা আৰু (vi) T+1T/+5 ভিত্তিত নষ্ট্ৰ সমিলমিলকৰণ সম্বন্ধীয় এটা বা ততোধিক নিৰ্দেশনা মানি চলা নাই।

মূল্যায়নৰ তথ্য আৰু অনানুপালনৰ পৰিমাণৰ ভিত্তিত, আৰ বি আইৰ নিৰ্দেশনাৰ অনানুপালনৰ বাবে কিয় দণ্ড বিহা নহব কাৰণ দৰ্শাবলৈ জনাই ৪৯টা বেংকক জাননী দিয়া হৈছিল। বেংকবোৰৰ পৰা পোৱা উত্তৰবোৰ বিবেচনা কৰাৰ পাছত বেংকবোৰৰ পৰা মৌখিক বক্তব্যও বিচৰা হয়, আৰু অতিৰিক্ত কিবা বক্তব্য থাকিলে সেই সকলো পুনৰীক্ষণৰ অন্তত আৰ বি আয়ে প্ৰতিটো বেংকৰ অননানুপালনৰ পৰিসৰৰ ভিত্তিত, ওপৰোক্ত ৩৬টা বেংকক অৰ্থদণ্ড বিহিবলৈ সিদ্ধান্ত লয়।

আৰ বি আয়ে অবিৰতভাৱে এই নিয়ন্ত্ৰণসমূহৰ অনুপালন হৈছে নে নাই তাৰ ওপৰত তন্ন তন্ন নিৰীক্ষণ কৰি থাকিব।

জোছ জে কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৮-১৯/২১৪৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?