RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78508192

ভাৰতীয় ৰিজাৰ্ভ বেংকে এয়াৰটেল পেমেণ্টছ বেংক লিমিটেডক অৰ্থদণ্ড বিহিছে

৯ মাৰ্চ, ২০১৮

ভাৰতীয় ৰিজাৰ্ভ বেংকে এয়াৰটেল পেমেণ্টছ বেংক লিমিটেডক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)এ, ৭ মাৰ্চ, ২০১৮ ত, প্ৰদান বেংকৰ বাবে থকা সঞ্চলন মাৰ্গদৰ্শন আৰু আপোনাৰ গ্ৰাহকক জানক (কেৱাইচি) আচাৰ উলংঘনৰ বাবে এয়াৰটেল পেমেণ্টছ বেংক লিমিটেডক (বেংকটোক) ৫০ নিযুট টকাৰ অৰ্থদণ্ড বিহিছে। আৰ বি আইৰ দ্বাৰা জাৰী ওপৰিউক্ত মাৰ্গদৰ্শন-নিৰ্দেশনা মানি চলাত বেংকটোৰ ব্যৰ্থতা গণ্য কৰি, বেংকিং বিনিয়ম আইন, ১৯৪৯ ৰ ধাৰা ৪৭ (১) (গ) সহপঠিত ধাৰা ৪৬ (৪) (ঝ) ৰ অন্তৰ্গত আৰ বি আইক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই দণ্ড আৰোপ কৰা হৈছে।

এই কাৰ্যব্যৱস্থা নিয়ামক অনুপালনত হোৱা বিচ্যুতিৰ বাবেহে লোৱা হৈছে আৰু বেংকটোৱে ইয়াৰ গ্ৰাহকৰ সৈতে সম্পাদন কৰা কোনো লেনদেন বা চুক্তিৰ বৈধতাক হস্তক্ষেপ কৰাৰ অভিপ্ৰায়েৰ নহয়।

পৃষ্ঠভূমি

গ্ৰাহকসকলৰ স্পষ্ট/নিৰ্দিষ্ট অনুমতি অবিহনে বেংকটোৱে গ্ৰাহকৰ একাউণ্ট খুলিছিল বুলি পোৱা অভিযোগ আৰু প্ৰচাৰ মাধ্যমত প্ৰকাশিত বিৰূপ প্ৰতিবেদনৰ ভিত্তিত, আৰিবআয়ে ২০১৭ৰ ২০ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ বেংকটোত তদাৰকী পৰিৰ্দশন চলাইছিল। তদাৰকী-পৰিদৰ্শন প্ৰতিবেদন আৰ অন্যান্য সংশ্লিষ্ট মাৰ্গদৰ্শন আৰু আপোনাৰ গ্ৰাহকক জানক (কেৱাইচি) আচাৰ সম্পৰ্কত আৰবিআইএ জাৰি কৰা নিৰ্দেশনা উলংঘন হোৱাটো প্ৰকাশ কৰিছিল। নথিবোৰৰ ভিত্তিত, আৰবিআয়ে জাৰি কৰা মাৰ্গদৰ্শন আৰু নিৰ্দেশনা উলংঘনৰ বাবে বেংকটোক কিয় দণ্ড বিহা নহব বুলি কাৰণ দৰ্শাবলৈ ১৫ জানুৱাৰী, ২০১৮ দিনাংকৰ এখন নটিছ জাৰি কৰা হৈছিল। বেংকটোৰ উত্তৰ আৰু ব্যক্তিগত শুনানীত দিয়া মৌখিক বক্তব্য বিবেচনা কৰি আৰিবআই এই সমিধানলৈ আহে যে আৰবিআই মাৰ্গদৰ্শন/নিৰ্দেশনা উলংঘনৰ ওপৰিউক্ত অভিযোগবোৰ প্ৰমাণিত হৈছে আৰু অৰ্থদণ্ড আৰোপ সাব্যস্ত হৈছে।

জোছ জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৭-২০১৮/২৪১০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?