RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78512549

ভাৰতীয় ৰিজাৰ্ভ বেংকে ইকুইটাছ স্মল ফাইনেল বেংক লিমিটেডক অৰ্থ দণ্ড বিহিছে

৮ মাৰ্চ, ২০১৮

ভাৰতীয় ৰিজাৰ্ভ বেংকে ইকুইটাছ স্মল ফাইনেল বেংক লিমিটেডক অৰ্থ দণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) এ ১ মাৰ্চ ২০১৮ত, অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে আৰিবআইএ বান্ধি দিয়া চৰ্তসমূহৰ এটা অনুপালন নকৰা বাবে ইকুইটাছ স্মল ফাইনেন্স বেংক লিমিটেডৰ (বেংকটো) ওপৰত ১ নিযুত টকাৰ অৰ্থদণ্ড আৰোপ কৰে। বেংকিং বিনিয়ম আইন, ১৯৪৯ ৰ ধাৰা ৪৭ (১) (গ) সহ পঠিত ধাৰা ৪৬ (৪) (ঝ) ৰ অন্তৰ্গত আৰবিআইক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই অৰ্থদণ্ড বিহা হৈছে।

এই কাৰ্যব্যৱস্থা নিয়াসক অনুপালনত হোৱা বিচ্যুতিৰ বাবেহে লোৱা হৈছে আৰু ইয়াৰ গ্ৰাহকসকলৰ সৈতে বেংকটোৱে সম্পাদন কৰা কোনো লেনদেন অথবা চুক্তিৰ বৈধতাত হীনদেঢ়ি ঘটোৱাৰ অভিপ্ৰায়েৰে নহয়।

পৃষ্ঠভূমি

বেংকটোৱে আৰিবআইৰ আগতীয়া অনুমতি নোলোৱাকৈ মিউচুৱেল ফাণ্ড গোট, পেঞ্চন সাধন আৰু পত্ৰাধাৰ ব্যৱস্থাপনা সেৱা প্ৰৱৰ্তনৰ কাৰ্যকলাপ সম্পাদন কৰিছিল বুলি খবৰ পোৱা হৈছিল। প্ৰাপ্ত তথ্য আৰু অন্যান্য সংশ্লিষ্ট নথিপত্ৰৰ ভিত্তিত, বেংকটোক বেংকিং অনুজ্ঞাপত্ৰ জাৰি কৰাৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকে বান্ধি দিয়া অনুজ্ঞা প্ৰদানৰ চৰ্তাৱলীৰ অনা-অনুপালনৰ বাবে ইয়াৰ ওপৰত কিয় দণ্ড আৰোপ কৰা নহব বুলি কাৰণ দৰ্শাবলৈ বেংকটোক দিনাংক ১৮ জানুৱাৰী, ২০১৮ ত এখন নটিছ জাৰি কৰা হৈছিল। বেংকটোৰ উত্তৰ আৰু মৌখিক শুনানীত দাখিল কৰা মৌখিক বক্তব্যবোৰ বিবেচনাৰ অন্তত আৰবিআই এই নিৰ্ণয়লৈ আহে যে আৰিবআইএ বান্ধি দিয়া অনুজ্ঞা প্ৰদানৰ এটা চৰ্তৰ অনা-অনুপালনৰ উপৰিউক্ত অভিযোগ সপ্ৰমানসাধ্য আৰু অৰ্থ দণ্ডৰ আৰোপ সাব্যস্ত হৈছে।

জোছ জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৭-২০১৮/২৩৯৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?