RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78512635

ভাৰতীয় ৰিজাৰ্ভ বেংকে ইণ্ডাছইণ্ড বেংক লিমিটেডক অৰ্থদণ্ড বিহিছে

১৩ ডিচেম্বৰ, ২০১৭

ভাৰতীয় ৰিজাৰ্ভ বেংকে ইণ্ডাছইণ্ড বেংক লিমিটেডক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে ১২ ডিচেম্বৰ, ২০১৭ত ইণ্ডাছইণ্ড বেংক লিমিটেড (বেংকটো)ক আয় স্বীকৃতি তখা সম্পদ বৰ্গীকৰণ (আইআৰএচি) আচাৰ সম্পৰ্কে আৰু আৰ বি আইৰ দ্বাৰা জাৰি নিৰ্দেশনা/পথনিৰ্দেশিকা আৰু অনা-পুঁজিভিত্তিক (এনএফবি) সুবিধা বিষয়ক নিয়ামক বাধানিষেধবোৰ উলংঘনৰ বাবে ৩০ নিযুত টকাৰ অৰ্থদণ্ড বিহিছে। আৰ বি আইৰ দ্বাৰা জাৰি উপৰিউক্ত নিৰ্দেশনা/পথনিৰ্দেশিকাবোৰৰ প্ৰতি আনুগত্যত বেংকটোৰ ব্যৰ্থতা বিবেচনা কৰি বেংকিং নিয়ামক আইন ১৯৪৯ৰ ধাৰা ৪৬(৪)(ঝ) সহপঠিত ধাৰা ৪৭ক(১)(গ)ৰ প্ৰৱন্ধনবোৰৰ অধীনত আৰবিআইত ন্যস্ত ক্ষমতাখিনি প্ৰয়োগেৰে এই দণ্ড আৰোপ কৰা হৈছে।

এই কাৰ্যব্যৱস্থাটো নিয়ামক অনুপালন ত্ৰুটী ভিত্তিক আৰু ইয়াৰ গ্ৰাহকসকলৰ সৈতে বেংকটোৰ দ্বাৰা সম্পাদিত কোনো লেনদেন বা চুক্তিৰ বৈধতা হীনদেঢ়িক প্ৰশ্নাধীন কৰাৰ অভিপ্ৰায় নাই।

পৃষ্ঠভূমি

৩১ মাৰ্চ, ২০১৬ৰ হিচাপত বেংটোৰ বিত্তীয় অৱস্থা সন্দৰ্ভত ইয়াৰ বিধিগত পৰিদৰ্শনে অন্যান্যৰ মাজত অনুত্পাদনশীল সম্পদ (এনপিএ) মূল্যায়ন তথা এনএফবি সুবিধাৰ সম্প্ৰসাৰণত আৰ বি আইৰ দ্বাৰা জাৰি বিভিন্ন বিনিয়মৰ উলংঘন উন্মোচিত হয়। পৰিদৰ্শন প্ৰতিবেদন আৰু সংশ্লিষ্ট অন্যান্য নথিৰ ওপৰত ভিত্তি কৰি আৰ বি আইৰ দ্বাৰা জাৰি নিৰ্দেশনাবোৰ অনা-অনুপালনৰ বাবে বেংকটোক কিয় অৰ্থদণ্ড বিহা নহব তাৰ কাৰণ দৰ্শাবলৈ ১০ আগষ্টত, ২০১৭ত এখন জাননী জাৰি কৰা হৈছিল। বেংকটোৰ উত্তৰ, ব্যক্তিগত শুনানিত দিয়া মৌখিক উপপাদনবোৰ বিচাৰ কৰি আৰ বি আই এই সমিধানলৈ আহে যে আৰ বি আই নিৰ্দেশনা/পথনিৰ্দেশিকা অনুপালন নকৰাৰ উপৰিউক্ত অভিযোগবোৰ সাব্যস্ত হৈছে আৰু অৰ্থদণ্ড আৰোপ কৰাটো অৱধাৰিত হৈ পৰিছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/১৬১৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?