ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাউথ ইণ্ডিয়ান বেংক লিমù - আৰবিআই - Reserve Bank of India
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাউথ ইণ্ডিয়ান বেংক লিমিটেডক অৰ্থ দণ্ড
১৮ মে, ২০১৮ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাউথ ইণ্ডিয়ান বেংক লিমিটেডক অৰ্থ দণ্ড 14 মে, 2018 ৰ এক আদেশ অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে চাউথ ইণ্ডিয়ান বেংক লিমিটেড (বেংক)-ৰ ওপৰত আয় স্বীকৃতি আৰু সম্পদ শ্ৰেণীবিভাগ (আইআৰএচি) মানদণ্ড, নিজৰ গ্ৰাহকক জানক (কেৱাইচি) মানদণ্ড আৰু কোষাগাৰ কাৰ্যৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা নিৰ্দেশনা অনুপালন নকৰা বাবে আৰু ইয়াৰ অনুপালন কাৰ্য তথা অনুপালন সংস্কৃতিৰ ত্ৰুটিৰ বাবে ₹ 50 মিলিয়নৰ অৰ্থ দণ্ড ধাৰ্য কৰে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা পালনত বেংকটো ব্যৰ্থ হোৱা বাবে বেংকিং নিয়ন্ত্ৰণ অধিনিয়ম, 1949 ৰ ধাৰা 46(4)(i) আৰু ধাৰা 47A(1)(c) ৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকক প্ৰদান কৰা অধিকাৰৰ ভিত্তিত এই দণ্ড ধাৰ্য কৰা হয়। এই কাৰ্য বেংকৰ নিয়ন্ত্ৰক অনুপালনৰ ব্যৰ্থতাৰ ওপৰত আধাৰিত আৰু ইয়াৰ অভিপ্ৰায় বেংকৰ দ্বাৰা নিজৰ গ্ৰাহকৰ সৈতে কৰা কোনো লেনদেন অথবা চুক্তিৰ বৈধতাৰ ওপৰত নিৰ্ণয় দিয়াক লৈ নহয়। জোচ জে কট্টুৰ প্ৰেছ বিজ্ঞপ্তি : 2017-2018/3038 |