RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78511162

ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতীয় ষ্টেট বেংকক অৰ্থদণ্ড বিহিছে

৭ মাৰ্চ, ২০১৮

ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতীয় ষ্টেট বেংকক অৰ্থদণ্ড বিহিছে

অচল টকাৰ চিনাক্তকৰণ আৰু বাজেয়াপ্ত সম্পৰ্কীয় আৰ বি আই প্ৰদত্ত নিৰ্দেশনাৰ অনা-অনুপালনৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ (বেংকটোৰ) ওপৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৪ নিযুত টকাৰ অৰ্থদণ্ড আৰোপ কৰিছে। বেংকিং বিনিয়ম আইন, ১৯৪৯ ৰ ধাৰা ৪৭ ক (১) (গ) সহপিঠত ধাৰা ৪৬(৪) (ঝ) ৰ অন্তৰ্গত আৰ বি আইক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই অৰ্থদণ্ড বিহা হৈছে।

নিয়ামক অনুপালনত বিচ্যুতিৰ ভিত্তিত এই কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বেংকটোৱে ইয়াৰ গ্ৰাহকসকলৰ সৈতে কৰা যিকোনো লেনদেন বা সম্পাদন কৰা কোনো চুক্তিৰ বৈধতাত হস্তক্ষেপ কৰাৰ অভিপ্ৰায়েৰে নহয়।

পৃষ্ঠভূমি

বেংকটোৰ দুটা শাখাৰ কাৰেন্সি চেষ্ট পৰিদৰ্শনত, অন্যান্য কথাৰ লগতে, অচল টকাৰ চিনাক্তকৰণ আৰু বাজেয়াপ্তকৰণ বিষয়ত ৰিজাৰ্ভ বেংকৰদ্বাৰা জাৰী নিৰ্দেশনাৰ উলংঘন ধৰা পৰিছিল। পৰিদৰ্শন প্ৰতিবদন আৰু অন্যান্য সংশ্লিষ্ট নথিৰ ভিত্তিত, আৰ বি আইৰ দ্বাৰা জাৰী নিৰ্দেশনাবোৰৰ অনা-অনুপালনৰ বাবদ কিয় দণ্ড বিহা নহব বুলি কাৰণ দৰ্শাবলৈ, ৫ জানুৱাৰী ২০১৮ত বেংকটোক এখন নটিছ দিয়া হৈছিল। বেংকটোৰ উত্তৰ আৰু ব্যক্তিগত শুনানীত দিয়া মৌখিক আৰ্জি বিবেচনাৰ অন্তত, আৰ বি আই এই নিৰ্ণয়লৈ আহে যে আৰ বি আই নিৰ্দেশনা/ মাৰ্গদৰ্শনৰ অনা-অনুপালনৰ ওপৰিউক্ত অভিযোগ সপ্ৰানসাধ্য হৈছে আৰু অৰ্থদণ্ড আৰোপ সাব্যস্ত হৈছে।

জোছ জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৭-২০১৮/২৩৮৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?